সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

13

সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

বুধবাৰে তিনিচুকীয়াৰ গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ,২০২২ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫০ জন ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অভিনন্দ অনুষ্ঠানত সন্মানীয় অতিথিসকলৰ আসন গ্ৰহণ সম্বৰ্ধনা অনুষ্ঠানৰ পাছতেই বৃক্ষৰূপোনৰ কায্যসূচী হাতত লোৱা হয় ,বৃক্ষৰূপোন কায্যসূচীত অংশগ্ৰহণ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক হিৰণ্য বৰাই । এই অভিনন্দন অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক চক্ৰপানী পৰাশৰ । এই অভিনন্দন অনুষ্ঠানত সভাৰ সভাপতিত্ব কৰে মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সঞ্জয় হাজৰিকা , হিৰণ্য বৰা অতিৰিক্ত আৰক্ষী অধীক্ষক , জ্যেষ্ঠ শিক্ষক অমৃত ৰাজখোৱা , মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰেন শইকীয়া ৰ লগতে মটক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।মটক ছাত্ৰ সন্থা তৰফৰ পৰা কৃতি ছাত্ৰ ছাত্ৰীসকলক এখনি সম্বৰ্ধনা পত্ৰ , এখন মটক জনজাতীয় গামোচা আৰু এটি উপহাৰেৰে সন্মানিত কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here