Sunday, December 4, 2022
HomeAssameseসদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান

 

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাধিপতিক অবৈধ জুৱা খেল আৰু চুলাই মদ প্ৰচলন আৰু ব্যৱসায় বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে শুক্ৰবাৰে স্মাৰক পত্ৰ প্ৰদান কৰে,

আগন্তুক দীপাৱলীৰ সুযোগ লৈ মাৰ্ঘেৰিটা অঞ্চলৰ গাওঁ,চাহ বাগিচা আদিৰ ভিন্ন অঞ্চলত অবৈধভাৱে গঢ় লৈ উঠিছে জুৱা আৰু মদৰ ৰমৰমীয়া বেহা ৷

জুৱা আৰু মদ্যপানৰ ফলত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ দুখীয়া দৰিদ্ৰ গাঁৱবাসী লোকে নিজৰ গাঠিৰ ধন জুৱা খেলত হাৰি মুৰে কপালে হাত দিছে ৷

অন্যহাতে উক্ত জুৱা,মদ তথা কালিপুজাৰ উখলমাখল পৰিৱেশত প্ৰত্যেকখন ঘৰত হাই কাজিয়া আদি ঘটনা পৰিলক্ষিত হৈছে , তাৰোপৰি কণ কণ শিশু আৰু মহিলাও কালিপুজাৰ নামত হোৱা জুৱাখেলৰ গইনাত বিপথে পৰিচালিত হোৱা দেখা গৈছে ৷

সেয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে তৎক্ষণাৎ ভাৱে এই জুৱা আৰু মদৰ বেহা উচ্ছেদ কৰিবলৈ মহকুমাধিপতিলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ,অন্যথাই মাৰ্ঘেৰিটা প্ৰশাসনে যদি হাত সাৱটি থাকে তেন্তে ইয়াৰ বিৰুদ্ধে নিজা ববীয়াকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহন কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments