অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা, তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে জিলাখনৰ কেইবাখনো চাহ বাগিচাত আটছাই ধাৰাবাহিকভাৱে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আটছাৰ তালাপ শাখা সমিতিৰ উদ্যোগত ইয়াৰ প্ৰাথমিক গোট সমূহৰ লগতে বাগিচাখনৰ চাহ শ্ৰমিক সকলৰ সহযোগত আজি সদাশিৱ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মূখত দুই ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে বাগিছাৰ গেটৰ সন্মুখত আকাশ বতাহ কপাই তুলে।
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ স্থায়ী বাসগৃহ নিৰ্মাণ কৰা, বাগিচাৰ বাট-পথসমূহ উন্নত কৰা, বাগিচাৰ চিকিৎসালৈ উন্নত মানদণ্ডৰ কৰাৰ লগতে চাহ বাগিচা সমূহৰ বিভিন্ন জলন্ত সমস্যা সমূহ সমাধানৰ দাবীত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ অন্তত আটছাৰ তৰফৰ পৰা বাগিছা পৰিচালকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News