অসম চৰকাৰে সংখ্যালঘু মুছলমান লোক সকলক পৰিচয় পত্র দিয়াৰ যি পদক্ষেপ গ্রহণ কৰিছে সেই পদক্ষেপক আদৰণি জনাইছে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইকবাল হুছেইনে । পৰিচয় পত্র প্রদান কৰা কাৰ্যতে ক্ষান্ত নাথাকি সংখ্যালঘু সমাজৰ আৰ্থ- সামাজিক দিশ টনকিয়াল কৰাৰ ক্ষেত্রত চৰকাৰক আহ্বান জনায় । যুগ যুগ ধৰি সংখ্যালঘু সকলে মুখামুখি হৈ অহা গৰাখহনীয়া, সংস্থাপন আদিৰ ক্ষেত্রত গুৰুত্বপূর্ণ ব্যৱস্থা গ্রহণ কৰাৰ দাবী আমছুৰ সভাপতি ইকবাল হুছেইনৰ। সংখ্যালঘু সমাজৰ হৈ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা ভূমিকাক আদৰণি ইকবাল হুছেইনৰ।
News Desk, Ne India News