অসমৰ আদিম ভুমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে পৃঠক আৰু স্বকৃয় তথা নিজস্ব ধৰ্মীয় পৰম্পৰাৰে কিছুমান ৰীতি-নীতি পালন কৰা দেখিবলৈ পোৱা যায় । তিনিচুকীয়া জিলাৰ ফিল’বাৰী বিষ্ণুপুৰ গাঁৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী টিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ গোসাঁই প্ৰভূ প্ৰেমেশ্বৰ মহন্তক সেৱা কৰি ৪০৪ যোৰা অৰ্থাত ৮০৮ গৰাকী পুৰুষ-মহিলাই সামাজিকভাৱে ন-শৰণীয়াল সকলে শৰণ লয় । শ্ৰী শ্ৰী টিপুক মায়ামৰা দ্বাৰকা সত্ৰত শৰণ লবলৈ তিনিচুকীয়া জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা মৰাণ জনগোষ্ঠীৰ লোকসকল সমবেত হয় । এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় শ্ৰী শ্ৰী টিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ চৌহদত ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News