Saturday, March 25, 2023
HomeAssameseশ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা

শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা

শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা

ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ পৰিস্থিতি ক্ৰমে ভয়াবহ হৈ পৰিছে । দেশ খনৰ আৰ্থিক আৰু ৰাজনৈতিক সংকটে দেশখনক ধ্বংসৰ দিশলৈ আগবঢ়াই নিছে । এই সংকটৰ সময়তে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষীয়ে পলায়ন কৰিছে দেশখনৰ পৰা । গোটাবায়া ৰাজপক্ষীয়ে আশ্ৰয় লৈ মালদ্বীপত । পলাতক ৰাজপক্ষীয়ে বৰ্তমানলৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰা নাই ।

gotabaya rajapaksa
gotabaya rajapaksa

বিগত কিছুদিন ধৰি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষী আৰু প্ৰধানমন্ত্ৰী ৰণেল বিক্ৰমসিংঘেৰ পদত্যাগৰ দাবীৰে ৰাজপথ উত্তাল কৰি ৰাখিছে শ্ৰীলংকাৰ জনতাই । ইতিমধ্যে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ দখল কৰিছে উগ্ৰ জনতাই । অগ্নিসংযোগ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ বাসভৱনত । গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰীলংকাত ।
ৰাষ্ট্ৰপতি ৰাজপক্ষীৰ পলায়নৰ খবৰ বিয়পি পৰা পিচতে উগ্ৰ হৈ পৰিছে শ্ৰীলংকাৰ পৰিস্থিতি । শ্ৰীলংকাৰ এই পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী ৰণেল বিক্ৰমসিংঘেই দেশ খনত জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছে ।

International Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments