শ্ৰীকৃষ্ণৰ দৌলযাত্ৰাঃ চৌ দিশে ৰঙৰ মেলা (শেষ খণ্ড)

0
166

 

শ্ৰীকৃষ্ণৰ দৌলযাত্ৰাঃ চৌ দিশে ৰঙৰ মেলা (শেষ খণ্ড)

দৌলযাত্ৰা, কৃষ্ণ-ভক্তিৰ লগত জড়িত এক সৰ্বভাৰতীয় লোক উৎসৱ । ইয়াৰ উল্লেখ আছে ঈশ উপনিষদত, আছে কীৰ্ত্তন ঘোষাত। শূদ্ৰকৰ “মৃচ্ছকটিকম” নাটকত মদনোৎসৱৰ বৰ্ণনা কৰিছে। নৃসিংহ পুৰাণেও আখ্যায়িত কৰিছে। কিন্তু ভাৱগত আৰু তথ্যগত দিশত দৌলোৎসৱ আৰু হোলীৰ সূক্ষ্ম পাৰ্থক্য আছে। কিন্তু দুয়ো দুয়োৰে পৰিপূৰক এক জন সংস্কৃতি। সৰ্বভাৰতীয় মানসৰ পৰা এই জন সংস্কৃতি শ্ৰীমন্ত শংকৰদেৱে ১৫১৮ শকত অসমৰ বৰপেটা সত্ৰত প্ৰৱৰ্তন কৰিছিল বুলি তথ্য পোৱা যায়।
আচলতে দৌলযাত্ৰা বছৰত দুবাৰ পালন কৰা হয়। প্ৰথম – শাওণ মাহৰ পূৰ্ণিমা তিথিত। এই দৌলযাত্ৰাক ঝুলন যাত্ৰা বুলিহে জনা যায়। ঝুলন যাত্ৰাৰ প্ৰচাৰ আমাৰ অসমত ব্যপক নহয়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত হোৱা দৌল উৎসৱহে অসমৰ মানুহে উদযাপন কৰে।
হোলী সম্বন্ধে আমাৰ মাজত প্ৰচলিত প্ৰবাদ সমূহঃ
ঋতুৰ ভিতৰত বসন্ত ঋতুৰ ৰূপেই সূকীয়া। শীতৰ সেমেকা দিনবোৰৰ শেষত আকাশ ফৰকাল হয়। পলাশ, শিমলু আৰু মদাৰে বসন্তক আদৰি আনে। মাহ হিচাপে সেয়া ফাগুন। ক’বলৈ গলে প্ৰকৃতিত লাহে লাহে সৃষ্টিৰ উন্মাদনা জাগে। ৰঙৰ সমাহাৰে পুৰুষ-প্ৰকৃতিৰ মনতো ৰঙৰ নিচা সৃষ্টি কৰে। সেই ৰঙত মতলীয়া হৈ মানুহে নিজৰ দেহতো ৰঙীণ আবিৰ সানে। এয়াই ফল্গুৎসৱ।
সৰ্বভাৰতীয় ফল্গুৎসৱক শ্ৰীমন্ত শঙ্কৰদেৱে অসমত দৌলোৎসৱৰ ৰূপ প্ৰদান কৰিছিল।
শ্ৰীধৰ কন্দলিৰ ঘুনুচা কীৰ্তনৰ আখ্যান মতে এই সময়ত কৃষ্ণই ৰুক্মিণীক এৰি ইন্দ্ৰদ্যুম্ন নৃপতিৰ পুত্ৰী ঘুনুচাৰ গৃহলৈ যায়।
প্ৰভূ ফাগুন মাহৰ পূৰ্ণিমা তিথিত দোলাত উঠি ঘুনুচাৰ কাষলৈ গৈছিল। দোলাত দুলি দুলি যোৱাৰ পৰা . ” দৌলযাত্ৰা” হোৱাৰ কথা ক’ব পাৰি।
ইন্দ্ৰদ্যুম্ন ৰজা পূৰ্বে মহোৎসৱ কৰি
কৃষ্ণক দৌলতে নিয়া থাপিলা সাদৰি।
ঘুঞ্চা নামে জীউখানি সৰ্ব সোভাগিনী
কৃষ্ণক দিলন্ত বিহা বিধিবতে আনি।।”

আন এটা আখ্যান অনুসৰি, কৃষ্ণৰ প্ৰতি থকা ৰাধাৰ গভীৰ প্ৰেমক স্থায়ীত্ব প্ৰদান কৰা হৈছে। ৰাধাৰ ওচৰত কলীয়া কানাই যেন নিস্প্ৰভ। ৰাধা গৌৰ বৰ্ণৰ, কানাই শ্যাম বৰণীয়া। সেই বাবেই কানাইৰ মনত দুখ। মাকে বুদ্ধি দিলে – ৰং সানি ৰাধাৰ দেহৰ গৌৰ বৰ্ণ সলাই দিব পাৰি। বচ্। কানাই গৈ ৰাধাক ৰঙেৰে বোলাই দিলে। তাৰ বাবেই এই ৰঙৰ খেলা।
মহাৰাজ শূদ্ৰকৰ মৃচ্ছকটিকম নাটকত ৰঙৰ উৎসৱৰ এক বৰ্ণনা আছে-
ৰাজ গণিকা বসন্তসেনাই যিদিনা চাৰুদত্তৰ প্ৰণয় পাশত আৱদ্ধ হৈছিল সেই দিনা মদন বা কাম দেৱতাৰ মন্দিৰত মদন মহোৎসৱ উদ্ যাপন কৰা হৈছিল। প্ৰেমৰ ঋতুক জাগৰিত কৰিবলৈ বা আদৰণি জনাবলৈ প্ৰাচীন কালত এক পৰম্পৰা গঢ়ি উঠিছিল। পুৰ নৰ-নাৰীয়ে মহা আনন্দেৰে ইজনে সিজনৰ গা লৈ ৰঙ নিক্ষেপ কৰি মনৰ আনন্দ প্ৰকাশ কৰিছিল। কালক্ৰমত এই উৎসৱে হোলীৰ ৰূপ ধাৰণ কৰে।এয়াই বসন্তোৎসৱ।
আন এক কাহিনী অনুসৰি , গিৰিৰাজ হিমালয়ৰ কন্যা উমাই মহাদেৱৰ তপস্যা কৰিছিল। কিন্তু মহাদেৱ নিজৰ তপস্যাত নিমগ্ন। ইফালে তাৰকাসুৰ বধ কৰিবলৈ উমা মহেশ্বৰৰ মিলন অপৰিহাৰ্য্য। গতিকে দেৱতা সকলৰ আলোচনা মৰ্মে কাম দেৱক পঠোৱা হ’ল শিৱৰ তপস্যা ভংগ কৰিবলৈ। কামদেৱৰ অত্যাচাৰত মহাদেৱৰ তৃতীয় চক্ষু মেল খালে। লগে লগে কাম দেৱ ভষ্ম হ’ল। উমা মহেশ্বৰৰ মিলনৰ পিছত কামদেৱে পুনৰ জীৱন পালে। এই কাহিনীৰ কামদেৱক জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে মদনোৎসৱ পালন কৰা হয়।
মদনোৎসৱ মানেই ৰঙ আৰু উচাহৰ বন্যা। এফালে ফাগুনৰ মন উচাটন, আনফালে ৰং আৰু ৰং।

নৃসিংহ পুৰাণ অনুসৰি, হিৰণ্যকশিপু নামৰ অসুৰ এজনে এসময়ত পৃথিৱীত ৰাজত্ব কৰিছিল। তেওঁৰ আছিল হিৰণ্য আৰু কশিপুৰ প্ৰতি প্ৰৱল দুৰ্বলতা। হিৰণ্য মানে কাঞ্চন আৰু কশিপু মানে কামিনী। কামিনী কাঞ্চন প্ৰিয় বাবে তেওঁৰ নাম হিৰণ্যকশিপু হৈছিল। ব্ৰহ্মাক তুষ্ট কৰি তেওঁ মানৱ, দানৱ, দেৱতাৰ দ্বাৰা অবধ্য হৈছিল। অকল সেয়াই নহয়, তেওঁক কোনো অস্ত্ৰৰ দ্বাৰা বধ্য নহয়। না দিনত, না ৰাতি, না জলত, না স্থলত, না পৃথিৱীত না পাতালত তেওঁৰ মৃত্যু ঘটিব। তেওঁ দেৱতা আৰু বিষ্ণুৰ ঘোৰ শত্ৰু। কিন্তু সমস্যা হ’ল, তেওঁৰ পুত্ৰ বিষ্ণুৰ পৰম ভক্ত হৈ উপজিল। নাম – প্ৰহ্লাদ। হিৰণ্য কশিপুই তেওঁৰ পুত্ৰৰ মনৰ পৰা বিষ্ণু ভক্তি নাইকিয়া কৰিবলৈ অনেক চেষ্টা কৰিয়ো বিফল হ’ল। ফলত পুত্ৰকো তেওঁ শত্ৰুৰ দৃষ্টিৰে চাবলৈ ধৰিলে। তেওঁৰ ভগ্নী অগ্নিস্নাতা কন্যা। নাম আছিল – হোলীকা। জুয়ে হোলীকাৰ ক্ষতি সাধন কৰিব নোৱাৰে। গতিকে পুত্ৰ প্ৰহ্লাদক কোলাত লৈ হোলীকা অগ্নি কুণ্ডত প্ৰবেশ কৰিলে। কিন্তু ফল বিপৰীত হ’ল। বিষ্ণুৰ প্ৰভাৱত প্ৰহ্লাদ অক্ষত হৈ ৰ’ল। কিন্তু অহংকাৰৰ বাবে হোলীকাৰ শৰীৰ অগ্নিয়ে গ্ৰাস কৰিলে।
যুগে যুগে অপশক্তিৰ পতন- আখ্যায়িত কৰিবলৈ সৰ্ব ভাৰতীয় পৰম্পৰাত হোলী বা ফাকুৱাৰ আগদিনা হোলীকা দাহ কৰা হয়। জুইত শস্য, গছৰ ডাল আদি দিয়া বাবে ইয়াক বহ্নি উৎসৱ বুলিও কোৱা হয়।
অসমত প্ৰতীকি অৰ্থত, শালগ্ৰামৰ “দৌল”ৰ সমীপত নল খাগৰি, খেৰ আদিৰে এটা মঠ বা মেৰ সজা হয়। দৌলৰ পৰা মহাপ্ৰভূক নমাই আনি এই মঠ জ্বলাই দিয়া হয় আৰু মহাপ্ৰভুক লৈ প্ৰদক্ষিণ কৰা হয়। ইয়াকে হোলীকা দাহ বুলি কোৱা হয়।
অসমৰ দৌল উৎসৱ এক সত্ৰীয়া সংস্কৃতিৰ অংশ। সৰ্বভাৰতীয় সংস্কৃতিৰ পৰা ইয়াৰ তাৎপৰ্য্য কিছু পৃথক হোৱা স্বাভাৱিক। সত্ৰীয়া সংস্কৃতি তথা বৈষ্ণৱ ধৰ্মৰ মূল উদ্দেশ্য হৈছে কৃষ্ণ ভক্তি। এই পৰম্পৰাৰ জড়িয়তে ভক্তৰ মনক কৃষ্ণ ভক্তিৰে আলোড়িত কৰি ভগৱানৰ ওচৰত নিজৰ দাস্য ভাৱ প্ৰকট কৰা, দৃশ্য শ্ৰাব্য আৰু নৃত্যৰ মাধ্যমত জনতাৰ অন্তৰ ভগৱৎ প্ৰেমত উদ্বুদ্ধ কৰা। তাৰ লগতে লোকৰঞ্জন।

আৰ কে বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here