শ্রীকৃষ্ণৰ দৌলযাত্রাঃ চৌ দিশে ৰঙৰ মেলা
( প্ৰথম খণ্ড)
মন প্ৰাণ হৰি নিয়া পলাশ, শিমলু, মদাৰে আকাশত জ্বলোৱা জুয়ে উতলা কৰে মানুহৰ পৰাণ। আদিম মানুহে যেতিয়াৰ পৰাই ৰঙ আৰু প্ৰকৃতিৰ ৰূপৰাশি উপলব্ধি কৰাৰ অনুভূতি লাভ কৰিছিল, তেতিয়াৰ পৰাই বিভিন্ন পৰম্পৰা সৃষ্টি কৰি ঋতুক উদযাপন কৰিবলৈ ধৰিছিল।
তাৰ ভিতৰত দৌল উৎসৱ অন্যতম। বিভিন্ন পুৰণি সাহিত্যই অন্যান্য উৎসৱৰ লগতে দৌল উৎসৱকো সমানেই মৰ্যদা প্ৰদান কৰি আহিছে।
দৌল উৎসৱ, ফাল্গুৎসৱ, ফাকুৱা, বসন্তোৎসৱ, ফাকুৱা, ফাগুৱা, মদনোৎসৱ, হোলি, বহ্ন্যুৎসৱ, দেউল (অবিভক্ত কামৰূপ ) আদি বিভিন্ন নামেৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই লোক উৎসৱ পালন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে।
এই উৎসৱৰ মূল আধাৰ হৈছে ৰঙ বা ফাকুগুৰি। পৰম্পৰাগত ভাৱে জীৱ-জন্তু, মানুহ, প্ৰকৃতিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে এই উৎসৱ এক প্ৰাৰ্থনা ।
এই হোলি যদিয়ো ভাৰতীয় হিন্দু- শিখ, বৌদ্ধ জৈন, নেপালী বিভিন্ন সম্প্ৰদায়ে পালন কৰে, মুছলমান ধৰ্মৰ লোকসকলেও অসমত সমানে ইয়াত ভাগ লয়। ভাৰতৰ বাহিৰেও নেপাল, বাংলা দেশ, ঘানা, উত্তৰ আমেৰিকা আদি দেশত হিন্দুসকলে হোলি পালন কৰে।
মহাৰজা ৰঞ্জিত সিংহৰ দিনত পৰম্পৰাগত ভাৱে হোলি উদযাপন কৰা হৈছিল। বৰ্তমানৰ পাকিস্তানৰ উত্তৰ অঞ্চললৈ এই পৰম্পৰাৰ বিস্তৃতি ঘটিছিল।
“ট্রিবিউন ইণ্ডিয়া” ৰ প্রতিবেদন অনুসৰি
মহাৰজা ৰঞ্জিত সিংহই ১৮৩৭ চনত উদযাপন কৰা হোলি উৎসৱত বৃটিছৰ সেনা নায়ক সকলেও অংশ গ্ৰহণ কৰিছিল।
শ্ৰীমন্ত শংকৰদেৱে বলোৰাম আতৈক সাতটা কড়ি দি মকুৱা পুৰলৈ পঠিয়াইছিল। সাতটা কড়িৰে আতৈয়ে সাত কলহ প্ৰাকৃতিক ফাকুগুড়ি আনিছিল। তাৰ পিছত ফাগুনৰ দৌল পূৰ্ণিমা তিথিত গুৰুজনাই নগাঁওৰ বৰদোৱাৰ পাতেকীবাৰীত দৌলোৎসৱৰ পাতনি মেলে – ১৫৯৬ চনত। তাৰ পিছৰে পৰা অসমৰ বিভিন্ন বৈষ্ণৱ সত্ৰ, নামঘৰ, থান, মন্দিৰ আদিত ফাকুৱা উৎসৱ পালন কৰি অহা হৈছে।
বৰপেটাত বিভিন্ন গীত গাই গাই ফাকুৱা খেলে।
“আজি ফাগুণ আহিছে মন প্ৰাণ জাগিছে
খেলে ফাগু পুৰ নাৰী খেলে হোলি পুৰবাসী।
খেলো আমি হোলি মহা ৰংগ মনে
প্ৰাণে প্ৰাণে নাচে মধু প্ৰেম শিহৰণে।
আজি ৰঙে ৰঙে একাকাৰ আহা সবে মিলি খেলো হোলি
মিলি সবে প্ৰাণে পাণে আজি ৰঙে ৰঙে একাকাৰ।”
হোলী উৎসৱৰ মূল উপাদান দান হৈছে ফাকুগুড়ি বা ৰং। বজাৰত বিভিন্ন ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰী ৰঙ উপলব্ধ যদিয়ো প্ৰাকৃতিক ভাৱে তৈয়াৰ কৰা ৰঙহে শৰীৰৰ বাবে উপকাৰী।
মদাৰৰ ফুল , পলাশ-শিমলুৰ ফুল, পুৰৈ শাকৰ গুটি, জেতুকা, হালধি গুড়ি আদিৰে তৈয়াৰ কৰা ফাকুগুড়ি আৰম্ভণিতে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানেও তাক উৎকৃষ্ট বুলি কোৱা হয়।
এবিধ লোক উৎসৱ এই হোলি। ইয়াৰ পৰম্পৰা বিস্তাৰিত হৈ পৰি আছে সমগ্ৰ ভাৰততে।
আৰ কে বেজবৰুৱা।