শ্বেয়াৰ মাৰ্কেটৰ ৰজা ৰাকেশ ঝুনঝুনৱালা আৰু নাই
এক দুখীয়া পৰিয়াল জন্মলাভ কৰি নিজৰ কষ্ট আৰু অধ্যাৱসায় জৰিয়তে দেশৰ বিলিয়নাৰৰ সুচীত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা ব্যৱসায়ী , ছবি প্ৰযোজক , শ্বেয়াৰ মাৰ্কেটৰ ইনভেষ্টৰ ৰাকেশ ঝুনঝুনৱালাৰ আজি পৰলোকপ্ৰাপ্তি ঘটিছে । খবৰ অনুসৰি ৰবিবাৰে পুৱা ৬-৪৫ বজাত মুম্বাই ব্ৰীচকেণ্ডি হস্পিটলত ইহলীলা সম্বৰণ কৰে ঝুনঝুনৱালাই । বিগত কেবা সপ্তাহ ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল ৰাকেশ ঝুনঝুনৱালা ।মৃত্যুৰ সময়ত বয়স হৈছিল ৬২ বছৰ ।
প্ৰয়াত ৰাকেশ ঝুনঝুনৱালাক ভাৰতীয় ৱাৰেন বাফেট বুলি কোৱা হৈছিল । শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ ক্ৰয় বিক্ৰয় ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা চতুৰতাৰ বাবে ভাৰতীয় ৱাৰেন বাফেট নাম দিছিল ঝুনঝুনৱালাক । ১৯৬০ চনত হাইদৰাবাদত জন্ম লাভ কৰা ঝুনঝুনৱালাই স্কুলীয় শিক্ষা গ্ৰহণ কৰিছিল মুম্বাইত ।
National Desk, Ne India News