Friday, March 24, 2023
HomeAssameseশোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ সফল সমাপ্তি

শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ সফল সমাপ্তি

“শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশন” খন ২২–৫-২০২২ তাৰিখ দেওবাৰে তেজপুৰ জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা সভাখনৰ পতাকা উত্তোলন কৰে স্থায়ী সভাপতি ডাঃ হৰেণ শইকীয়াই। বন্তী প্ৰজ্জ্বলন কৰে উদযাপন সমিতিৰ সভাপতি স্বপন মৈত্ৰই। অনুস্থানৰ সৈতে সংগতি ৰাখি সভাৰ সাংগঠনিক সম্পাদক অনুপ অসমীয়াৰ পৰিচালনাত এক চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু এই অনুষ্ঠানত নিম্ন শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰা প্ৰায় দুশ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি তেজপুৰৰ ‘কলা ভুমি’ প্ৰাঙ্গন ছবি আৰু হাঁহিৰে মুখৰ কৰি তোলে।
চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰে, কবি অনুপ অসমীয়াই। অংশ লোৱা বিজয়ী সকলক তিনিটা শাখাত বিভক্ত কৰি প্ৰতি শাখাৰ চাৰিটাকৈ পুৰস্কাৰ প্ৰদান কৰা হয়। দুপৰীয়া ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা মূল সভাত সভাপতিত্ব কৰে বৰ্তমানৰ বিদায়ী সভাপতি ডাঃ হৰেণ শইকীয়া । উক্ত সভাৰ লগতে সংগতি ৰাখি আয়োজন কৰা ‘কবি সন্মিলন’খনিত প্ৰায় ৩৫ গৰাকী স্থানীয় কবিৰ কবিতা পাঠেৰে দিনটোৰ কিছু সময় উপস্থিত ব্যক্তিসকল মোহাচ্ছন্ন কৰি ৰাখে। কবিতাৰ অনুষ্ঠান মুকলি কৰি বিশিষ্ট কবি,অধ্যাপক প্ৰদীপ মহন্তই তেওঁৰ জ্ঞানগৰ্ভ ভাষণত কবি কুললৈ কালজয়ী সৃষ্টিৰ বাটৰ সন্ধান কৰিবলৈ আহ্বান জনায়।


সেই সভাতে কবিতাৰ নৈসৰ্গিক শোভাৰে সম্পাদিত “চিত্ৰলেখা” নামৰ কাব্য আলোচনীৰ উন্মোচন কৰে বিশিষ্ট কবি, গীতিকাৰ বংকিম চন্দ্ৰ শৰ্মাই।
অধিবেশনৰ আন এক কাৰ্যসূচী আছিল পুৰণি কমিটিৰ পদত্যাগ আৰু নতুন কমিটি গঠন। সভাত উপস্থিত সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে স্বপন মৈত্ৰক সভাপতি, সঙ্গীতা ৰাজখোৱাক সম্পাদক, অপূৰ্ব বৰা আৰু প্ৰবীন কটকী উপ-সভাপতি হিচাপে লৈ এখন ৩৫ জনীয়া কমিটি গঠন কৰা হয়। উক্ত কমিটিৰ পত্ৰিকা সম্পাদক হিচাপে ড০ আৰ কে বেজবৰুৱাক পত্ৰিকা সম্পাদক হিচাপে বাছনি কৰা হয়।
শলাগৰ শৰাই আগবঢ়ায় প্ৰাক্তন সম্পাদক অপূৰ্ব বৰাই। উল্লেখযোগ্য যে অহা জুনৰ ১১ তাৰিখে নতুন কমিটিয়ে কাৰ্য্যভাৰ গ্ৰহণ কৰিব। বিদায়ী সভাপতিয়ে মূখ্য উপদেষ্টাৰ পদ অলংকৃত কৰিব বুলি শেষত শ্ৰদ্ধাৰে সভাৰ সামৰণি মাৰে।
সংস্কৃতি নগৰী তেজপুৰত অনুষ্ঠিত এনেকুৱা অনুস্থানে মূলতঃ নগৰখনৰ সাহিত্যিক পৰিমণ্ডল এটাৰ কথাকে সূচায়। যি স্থানক সাহিত্যৰ মহীৰূহ স্বৰূপ ব্যক্তিসকলে ধন্য কৰি গৈছে সেই ঠাইৰ অধিবাসী সকলৰ এই প্ৰচেষ্টা ভৱিষ্যতৰ সাহিত্যৰ পৃথিৱীখনৰ বাবে এক সাৰ্থক প্ৰয়াস।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments