এগৰাকী তেৰ বছৰীয়া কিশোৰী। শৈশৱ আৰু কৈশোৰৰ সেন্দুৰীয়া এই যাত্ৰাৰ সময়তে স্থবিৰ হৈ পৰিল জীৱনৰ গতি । তামুলপুৰ জিলাৰ মাজদিয়া গাঁৱৰ শ্ৰীৰাম দাস আৰু প্রিয়লতা দাসৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত কন্যা জুপিতৰা দাসৰ বৰ্তমান সংগী বিচনা।যোৱা ডিচেম্বৰ মাহতে আৰম্ভ হৈছিল এক জটিল ৰোগ । বৃহৎ আকাৰত ওফন্দি আছে শৰীৰৰ পেট অংশ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিও নাপালে আৰোগ্য। ক্ৰমাগতভাবে বিভিন্ন ঠাইত চিকিৎসা কৰিও বর্তমানেও নাপালে কোনো সুফল। দুখীয়া পৰিয়ালটোৱে তাত বাতি কাঢ়ি আছিল চিকিৎসালয়ত। পইচাৰ অভাৱত একেডৰা খেতি মাটি দুবাৰকৈ বন্ধকত থৈ চলাইছিল চিকিৎসা সেৱা। নাপালে কোনো সুফল। যিসময়ত লগৰীয়া সমনীয়াই বিদ্যালয়ত পঢ়া- শুনাত ব্যস্ত, খেলা ধূলাত ব্যস্ত সেই সময়ত কিন্তু এইগৰাকী কিশোৰী বিচনাত আবদ্ধ হৈ যন্ত্ৰনাত ককবকাই আছে। কিশোৰী গৰাকী যন্ত্ৰনাত পৰি থকা দৃশ্য দেখিলে সকলোৱে হয়তো সচকিত হৈ পৰিব। অসহায় পৰিয়ালটিয়ে চকুপানীৰে নেদেখা হৈছে বাট। পৰিয়ালটিয়ে আহ্বান জনাইছে সদাশয় ৰাইজ, জনপ্ৰতিনিধি আৰু অসম চৰকাৰক । ইয়াৰোপৰি কোনো হৃদয়বান লোকে যদি সহায় কৰিব বিচাৰে তেন্তে তামুলপুৰ শাখাৰ গ্ৰামীণ বিকাশ বেংকৰ 7085026012149 নম্বৰ একাউণ্ট আৰু IFSC Code UTBIORRBAGB যোগে প্ৰেৰণ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
ৰজনী বৰ্মন , তামুলপুৰ , Ne India News