শুকুৰবাৰে শনবিলৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
শুকুৰবাৰে অসমৰ মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শর্মাই শনবিল অঞ্চলৰ বানবিধ্বস্ত গোপিকানগৰ আৰু শ্রীৰামপুৰ গাওঁত উপস্থিত হৈ বানবিধ্বস্ত অঞ্চল সমুহ পৰিদর্শন কৰাৰ লগতে অস্থায়ী শিবিৰত আশ্রয় গ্ৰহণ কৰি থকা বন্যাৰ্তৰ অৱস্থাৰ বুজ লয় । কালীবাৰী বজাৰত বিভাগীয় বিষয়া সহ সাংসদ, বিধায়ক সকলক লৈ বান পৰিস্থিত সম্পৰ্কত এক পর্যালোচনা সভা অংশ লয়। বানত ক্ষতিগ্রস্থ সকলৰ পুনর্বাসন সহ সকলো প্রকাৰৰ চৰকাৰী সাহাৰ্য্য আশ্বাস দিয়ে। শনবিলত স্বাধীনতাৰ পিচত প্রথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্রীয়ে পদার্পণ কৰিলে । মুখ্যমন্ত্ৰীৰ শনবিল ভ্ৰমণে ৰাতাবাৰি বাসীৰ উৎসাহিত কৰি তোলে ।
শনবিলত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ জিলা সভাপতি সুব্রত ভট্টাচার্য, সাংসদ কৃপানাথ মাল্লাহ, বিধায়ক কৃষ্ণেন্দু পাল, চিদ্দিক আহমেদ তথা জিলা উপায়ুক্ত মৃদুল যাদৱ ।
হীৰক বণিকৰ, ৰামকৃষ্ণনগৰ নগৰ, Ne India News