শিৱসেনা সাংসদৰ দাবীত শেও মানিলে উদ্ধৱ ঠাকৰে
মহাৰাষ্ট্ৰৰ শিৱসেনাৰ সাংসদ সকল সৈতে হোৱা বৈঠকৰ অন্তত ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনা নেতা উদ্ধৱ ঠাকৰে । দলটোৰ ২২ গৰাকী সাংসদৰ ১৬ গৰাকীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত NDA ৰ প্ৰাৰ্থীক সমৰ্থন জনাবলৈ দাবী তুলিছিল । একনাথ সিন্ধে সহিতে ৪০ গৰাকী বিধায়কে উদ্ধৱ ঠাকৰে সংগ ত্যাগ কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাত নিশকতীয়া হৈ পৰিছে উদ্ধৱ ঠাকৰে । সেয়ে ১৬ গৰাকী সাংসদে কৰা দাবী অগ্ৰাহ্য কৰিব নোৱাৰিলে উদ্ধৱ ঠাকৰে ।
সুত্ৰৰ খবৰ অনুসৰি ,২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটে সমৰ্থন দিব NDA ৰ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰোপদী মুৰ্মক ।
National Desk , Ne India News