শিৱসেনা প্ৰবক্তা সঞ্জয় ৰাওটৰ বাসগৃহত ED ৰ অভিযান
শিৱসেনা (উদ্ধৱ গোট ) ৰ প্ৰবক্তা সাংসদ তথা ‘সামনা’ কাকতৰ মুখ্য সম্পাদক সঞ্জয় ৰাওটৰ বাসগৃহত পুৱাতেই উপস্থিত হয় ED ৰ দল । পটৰা চাল ভুমি কেলেংকাৰীত অবৈধ ধনৰ লেনদেনত জড়িত থকা গোচৰত পুৰ্বে দুবাৰকৈ জাননী জাৰি কৰিছিল ED য়ে । কিন্ত ED ৰ জাননীৰ পিচতো ED ৰ কাৰ্যলয়ত উপস্থিত থকাৰ পৰা বিৰত আছিল সঞ্জয় ৰাওট ।
ED য়ে আজি তিনিটা স্থানত অভিযান চলাইছে । এই তিনি স্থানৰ ভিতৰত এটা স্থান সঞ্জয় ৰাওটৰ বাসগৃহ ।
সঞ্জয় ৰাওটৰ বাসগৃহত ED য়ে অভিযান আৰম্ভ কৰাৰ পিচতে শিৱসেনাৰ সমৰ্থক উপস্থিত হয় ৰাওটৰ ঘৰৰ সন্মুখত । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাওটৰ বাসগৃহত উপস্থিত হৈছে মুম্বাই আৰক্ষীৰ দল ।
National Desk , Ne India News