Friday, March 17, 2023
HomeAssameseশিৱসেনাৰ ওপৰত কাৰ অধিকাৰ ? সংবিধান পীঠে লব সিদ্ধান্ত

শিৱসেনাৰ ওপৰত কাৰ অধিকাৰ ? সংবিধান পীঠে লব সিদ্ধান্ত

শিৱসেনাৰ ওপৰত কাৰ অধিকাৰ ? সংবিধান পীঠে লব সিদ্ধান্ত

শিৱসেনা দলৰ অধিকাৰৰ ওপৰত অব্যাহত থকা যুঁ‌জৰ চুড়ান্ত সিদ্ধান্ত লব উচ্চতম ন্যায়লয়ৰ ৫ জনীয়া সংবিধান পীঠে । শিৱসেনা দলৰ ওপৰত অধিকাৰ কাৰ , এই সন্ধৰ্ভত মঙলবাৰে পুনৰবাৰ শুনানী গ্ৰহণ কৰে উচ্চতম ন্যায়লয়ে । শুনানীৰ সময়ত মুখ্যমন্ত্ৰী একনাথ সিন্ধে গোট আৰু উদ্ধৱ ঠাকৰে গোটৰ তৰফৰ নিজ নিজ পক্ষৰ যুক্তি দাঙি ধৰে । শুনানী গ্ৰহণৰ অন্তত উচ্চতম ন্যায়লয়ে , একনাথ সিন্ধে গোটৰ তৰফৰ পৰা তেওঁ‌লোকক ‘প্ৰকৃত শিৱসেনা’ হিচাপে স্বিকৃতি দিয়া আৰু নিৰ্বাচনী চিহ্ন ‘ধনু আৰু কাৰ ‘ উপলব্ধ কৰোৱাৰ বাবে জনোৱা আবেদনৰ ক্ষেত্ৰত শুকুৰবাৰলৈ কোনো ধৰণৰ সিদ্ধান্ত নকৰিবলৈ নিৰ্বাচনী আয়োগ নিৰ্দেশ দিয়ে । ইয়াৰ পিচতে উচ্চতম ন্যায়লয়ে এই গোচৰৰ দায়িত্ব অৰ্পণ কৰে ৫ জনীয়া সংবিধান খণ্ড পীঠক । উচ্চতম ন্যায়লয়ে কয় , এতিয়া সংবিধান পীঠে সিদ্ধান্ত লব যে বিধানসভা অধ্যক্ষৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱ কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰত বিলম্ব হলে , অধ্যক্ষই সদস্যৰ অযোগ্যতা ঘোষণাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব পাৰে নে নোৱাৰে ?
উল্লেখ্য যে , মহাৰাষ্ট্ৰত চৰকাৰৰ গঠনৰ পিচতে শিৱসেনাৰ একনাথ সিন্ধে নেতৃত্বাধীন বিসম্বাদী গোটে তেওঁ‌লোকহে প্ৰকৃত শিৱসেনা বুলি শিৱসেনা দলৰ ওপৰত দাবী উত্থাপন কৰিছিল নিৰ্বাচনী আয়োগৰ ওচৰত । লগতে শিৱসেনাৰ নিৰ্বাচনী চিহ্ন ধনু-কাড় ৰ ওপৰতো দাবী উত্থাপন কৰিছিল । একনাথ সিন্ধে গোটৰ এই দাবীৰ বিৰুদ্ধে , উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ।

National Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments