শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা ৷ একেটা পৰিয়ালৰ ৫জনৰ মৃত্যু

0
1274
NEWS DESK NE INDIA: এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় শিৱসাগৰৰ আমগুৰিৰ নকটানিত ৷ শনিবাৰে নিশা নিয়ন্ত্ৰণ হেৰুৱাই দিখৌনৈত পৰিল গুৱাহাটীৰ পৰা যোৱা এখন চুইফট ডিজায়াৰ। ঘটনাৰ পাছত নৈত সন্ধানহীন হৈ পৰে একেটা পৰিয়ালৰে ৫ জনলোক৷ দুৰ্ঘটনাটোত সন্ধানহীন হৈ আছে হৰেন বৰা(৫২),হৰেন বৰাৰ মাতৃ পনৌ বৰা(৮৬),পত্নী ফুণু বৰা(৪৮) আৰু ২ কন্যা চিম্পী বৰা (২১)আৰু মুনমী বৰা। উল্লেখযোগ্য যে ডাঙৰ জীয়াৰী চিম্পী  নেৰিমৰ আইনৰ ছাত্ৰী আৰু সৰু জীয়াৰী মুনমী শংকৰদেৱ বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল ৷ হৰেন বৰাৰ  পত্নী ফুনু বৰা অাৰ্টফেডৰ কৰ্মচাৰী ৷ সম্প্ৰতি লোককেইজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে ৷ ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত শনিবাৰে নিশা বৰষুণৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰে এন ডি আৰ এফৰ উদ্ধাৰকাৰীদলে ৷  গুৱাহাটীৰ জয়ানগৰৰ বাসিন্দা সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ী হৰেন বৰা শিৱসাগৰলৈ গৈছিল ফুৰিবলৈ ৷ অন্যহাতে  ঘটনা সংগঠিত হোৱাৰ সময়ত হৰেন বৰাই নিজেই গাড়ীখন চলাই আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here