শিৱসাগৰত বিজেপি নেত্রী আঙুৰলতা ডেকাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
শিৱসাগৰত বিজেপি নেত্রী আঙুৰলতা ডেকাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত বিজেপি নেত্রী আঙুৰলতা ডেকাৰ বিৰুদ্ধে প্রতিবাদ টাই আহোম ছাত্র সন্থাৰ। আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ টাই আহোম ছাত্র সন্থাৰ। আচলতে কিয় এই প্ৰতিবাদ? বিজেপি নেত্রী গৰাকীয়ে টাই আহোম মুৰ্দাবাদ শ্লোগান দিয়াৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰিছে শিৱসাগৰ। ৰাহুল গান্ধীয়ে নাৰী জাতিক লৈ দিয়া মন্তব্যক লৈ কংগ্রেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আহোম জাতি মুৰ্দাবাদ শ্লোগান দিয়া বুলি অভিযোগ আঙুৰলতা ডেকাৰ ওপৰত। অৱশ্যে একাংশই ইয়াক লৈ বিবুধিত পৰিছে যে প্ৰকৃততে ৰাহুল গান্ধী মুৰ্দাবাদ কৈছিল নে আহোম জাতি মুৰ্দাবাদ কৈছিল।
News Desk, Ne India News