Thursday, March 23, 2023
HomeAssameseশিশু শ্ৰমিক দিৱস

শিশু শ্ৰমিক দিৱস

শিশু শ্ৰমিক দিৱস বা শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশ্ব দিৱস প্ৰতি বছৰে ১২ জুন তাৰিখে পালন কৰা হয় । আন্তৰ্জাতিক শ্ৰমিক সংগঠন ( ILO) য়ে শিশু শ্ৰমিক আৰু ইয়াক প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ২০০২ চনত ইয়াক এক আন্তৰ্জাতিক দিৱস হিচাপে ঘোষণা কৰা হৈছিল। এই বিশেষ দিনটোত শিশু শ্ৰমিকৰ বিৰুদ্ধে প্ৰচেষ্টা চলোৱাৰ মানসেৰে আন্তৰ্জাতিক দল সংগঠনসমূহ একত্ৰিত হৈ সজাগতা আৰু অভিযান্ত্ৰিক সক্ৰিয়তা বিয়োপোৱাৰ উপৰি শিপাৰ পৰা শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উপায় অৱলম্বন কৰা হয়। কিয়নো আধাতকৈ অধিক শিশু শ্ৰমিক কিছুমান বেয়া প্ৰবৃত্তিৰ সন্মুখীন হ’ব লগীয়া হোৱাৰ উপৰিও শোষণৰ বলি হ’ব লগীয়া হয়। সেয়ে এই বিশেষ দিনটোত শিশুক কৰ্মৰ পৰা বিৰত ৰাখি বিদ্যালয়লৈ যাবলৈ আগ্রহী কৰি তোলাৰ বাবে সংকল্পবদ্ধ হ’য়।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments