শিলচৰৰ অসম বিশ্ব বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা ! গ্ৰেপ্তাৰ অধ্যাপক

0
1525

বিগত এবছৰ ধৰি নিজৰ বিভাগৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অৱশেষত শিলচৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল  অসম  বিশ্ব বিদ্যালয়ৰ আৰৱী বিভাগৰ মুৰব্বী অধ্যাপক নজৰুল ইছলাম বৰভুঞা  ৷ নিৰ্যাতিতা ছাত্ৰী গৰাকীয়ে শিলচৰ সদৰ থানাত অধ্যাপক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিচতে  আৰক্ষীয়ে শিলচৰৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট অধ্যাপক গৰাকীক ৷   অভিযোগ মতে, এটা বিষয়ত বেক পোৱা ছাত্ৰী গৰাকীক পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ বিনিময়ত অধ্যাপক জনে ছাত্ৰী জনীক কু প্ৰস্তাৱ দিয়াৰ লগতে দীৰ্ঘ দিন ধৰি যৌন আৰু মানসিক নিৰ্যাতন চলাইছিল ৷   অধ্যাপক জনৰ যৌন নিৰ্যাতন সহিব নোৱাৰি অৱশেষত থানাত গোচৰ তৰিবলৈ বাধ্য হয় ছাত্ৰী গৰাকী  ৷  ইফালে,  অভিযুক্ত অধ্যাপক গৰাকীয়ে ছাত্ৰী গৰাকীৰ অভিযোগ খণ্ডন কৰাৰ লগতে তেওঁ  প্ৰতি হিংসাৰ স্বীকাৰ হোৱা বুলি দাবী কৰিছে ৷      
আনহাতে,  অধ্যাপক নজৰুল ইছলাম বৰভুঞাই বিগত  এবছৰ ধৰি ছাত্ৰী গৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি
সদৰী কৰে  কাছাৰৰ  আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনে। 

https://youtu.be/JHO6267Z21g?t=3

                       

(প্ৰদীপ্ত পুৰকায়স্থ , কাটিগড়া Ne india )

LEAVE A REPLY

Please enter your comment!
Please enter your name here