Thursday, March 16, 2023
HomeAssameseশিক্ষা ব্যৱস্থাক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ

শিক্ষা ব্যৱস্থাক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ

শিক্ষা ব্যৱস্থাক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ

শিক্ষা ব্যৱস্থাক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। সলনি হ’ব ৰাজ্যৰ পূৰণি শিক্ষা ব্যৱস্থা। পুৰণি শিক্ষা ব্যৱস্থাৰ সলনি ঘটাই ইংৰাজী মাধ্যমত শিক্ষাদানৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব শিক্ষক সকলক। ৰাজ্যৰ শিক্ষা খণ্ডক লৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ প্ৰতিখন জিলাৰ ৫-ৰ পৰা ১০ খন নিৰ্বাচিত বিদ্যালয়ত প্ৰৱৰ্তন কৰা হ’ব ইংৰাজী মাধ্যম। ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ছাত্র-ছাত্রীয়ে গ্ৰহণ কৰিব লাগিব ইংৰাজী মাধ্যমত শিক্ষা। অসমীয়া, বঙালী, বড়োৰ সমান্তৰালকৈ থাকিব ইংৰাজী মাধ্যম। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে পঞ্জীয়ন নকৰিলে বিহিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। ইয়াৰোপৰি শিক্ষামন্ত্রীৰ বৃহৎ ঘোষণা। মাধ্যমিক শিক্ষাৰ পৰা আতৰাই দিয়া হ’ব সমাজ অধ্যয়নৰ বিষয়টো। ইয়াৰ পৰিৱৰ্তে শিক্ষাৰ্থীয়ে বাধ্যতামূলকভাৱে পঢ়িব লাগিব ভূগোল আৰু বুৰঞ্জী বিষয় দুটা। লগতে তৃতীয় শ্রেণীশ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথি ইংৰাজীত উপলব্ধ হ’ব, অৰ্থাৎ এই বিষয় দুটাৰ পাঠদান ইংৰাজী ভাষাত গ্ৰহণ কৰিব লাগিব শিক্ষাৰ্থীয়ে।
লগতে শিক্ষার্থীসকলৰ বাবে ভাল খবৰ। ছাত্র-ছাত্রীসকলে ইমান দিনে বিদ্যালয়ত Midday meal লাভ কৰি অহাৰ দৰে এইবাৰৰ পৰা বিদ্যালয়তে লাভ কৰিব পুৱাৰ আহাৰ। পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি দুপৰীয়াৰ আহাৰলৈকে বিদ্যালয়ত দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। ইয়াক লৈ ৰাজ্য চৰকাৰে ইতিমধ্যে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত পুৱাৰ আহাৰ উপলব্ধ হোৱাৰ দৰে এইবাৰ অসমতো শিক্ষাৰ্থীয়ে লাভ কৰিব বিদ্যালয়তে পুৱাৰ আহাৰ। আৰু এই ব্যৱস্থা শীঘ্রেই ৰাজ্যত আৰম্ভ কৰা হ’ব বুলি উল্লেখ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments