“শিক্ষাৰ মান উন্নত কৰাৰ বাবে দায়বদ্ধ  হওক” কাছাৰৰ উপায়ুক্ত ডঃ লক্ষ্মণ

0
905

NE INDIA: স্কুলৰ ভৱন বা স্কুলৰ আন্তৰ্গাঠনিৰ উন্নয়ন হলেই নহৱ । শিক্ষাৰ মান উন্নত কৰিবলৈ হলে  শিক্ষক-শিক্ষয়ত্রী, ছাত্র ছাত্রী তথা অভিভাৱকদেও শিক্ষাত গুৰুত্ব দিৱ লাগিব ।  শিক্ষক হৈছে জাতিৰ মেৰুদণ্ড তথা শিক্ষা প্রতিষ্ঠান উপাসনাস্থল । সেয়ে  চৰকাৰে যিসময়ত শিক্ষাৰ প্রসাৰত মুক্তহস্তে অর্থ ব্যায় কৰিছে সেই সময়তে চৰকাৰৰ দ্বাৰা নিয়োজিত শিক্ষক সকলেও তেওঁ‌লোকৰ  গুৰু দায়িত্ব উপলব্ধি কৰা উচিত । শুক্রবাৰে কাছাৰ জিলাৰ বৰ়খলা বিধানসভাৰ অন্তৰ্গত অৰুণাচল গার্লছ হাইস্কুলৰ নৱ নির্মিত ভৱনৰ দ্বাৰ উন্মোচন কৰি মুখ্য অতিথি হিচাপে উপস্থিত এই বক্তৱ্য প্ৰদান কৰিলে জিলা উপায়ুক্ত ডঃ এচ লক্ষ্মণে ।  ভাষণত আনকি আদেশ বাণীও শুনালে শিক্ষকসকলৰ প্ৰতি , শিক্ষাদানৰ ক্ষেত্রত যত্নৱান থকাৰ উপৰিও শিক্ষাদানৰ প্ৰতি দায়িত্বশীল হবলৈ চোকা আদেশ দিলে কাছাৰৰ জিলা উপায়ুক্ত ডঃ এচ লক্ষ্মণে ।

উল্লেখ্য ২০১৭ চনত মাধ্যমিকত নিৰাশজনক ফলাফলৰ বাবে ৰাজ্যৰ বিভিন্ন স্হানৰ স্কুলৰ শিক্ষকৰ সৈতে এইখন স্কুলৰ প্রধান শিক্ষয়ত্ৰীয়েও  পুৰ্বৰ শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ধমক খাৱলগীয়া হৈছিল।  নিজ জিলাৰ এই স্কুলৰ বহুচৰ্চিত বিষয়টো সম্পর্কে সম্পূৰ্ণ অৱগত আছিল জিলা উপায়ুক্ত। সেয়ে অৰুণাচল গার্লছ হাইস্কুলৰ উক্ত অনুষ্টানত শিক্ষাদানৰ ক্ষেত্ৰত অধিক জোৰ দিবলৈ নিৰ্দেশ দিলে জেলা উপায়ুক্ত । শুকুৰবাৰৰ অনুষ্টানত জিলাউপায়ুক্ত ,বিধায়ক কিশোৰ নাথ সহ বহু  বিশিষ্ট ব্যক্তিৰ  উপস্হিতিত এমএচডিপি ফান্ড থেকে ২৮ লক্ষ টাকা ব্যায়ৰে নির্মিত স্কুলৰ শ্রেণীকক্ষ উন্মোচনৰ কৰা হল । এই উপলক্ষে স্কুল প্ৰাংগণত বৃক্ষৰোপন কৰা হয়। তাৰপিৱত অনুষ্টিত সভাত শিক্ষাক অগ্ৰাধিকাৰ দিপ বক্তব্য ৰাখে বিধায়ক কিশোৰ নাথে । তেওঁ‌ কলে, “পুর্বে যেতিয়াই এই স্কুললৈ অহা হৈছে , শুনা পাইছে  স্কুলৰ বিভিন্ন সমস্যাৰ কথা।   যিসমুহ সমস্যা সমাধানৰ প্রতিশ্রুতি দিয়া হৈছিল তাৰমাজত আছিল স্বচ্ছ শ্রেণীকক্ষ। বাকী সমস্যা নিৰশনৰ প্রচেষ্টা চলিছে । শীঘ্ৰে সেইবোৰ সমাধান হৱ”। স্কুল কর্তৃপক্ষৰ ওচৰত নিজৰ এটা দাৱি ডাঙি ধৰিলে বিধায়ক কিশোৰ নাথে কলে,পৰৱৰ্তী দিনত স্কুলৰ ফলাফল ভাল  হোৱাতো বিচাৰে । অনুষ্টানত উপস্থিত আছিল জাৰইলতলা গাওঁ‌ পঞ্চায়তৰ প্রাক্তন সভাপতি বিনায়ক সোম, জিলা বিজেপিৰ অমল নাথ, নুৰুল আলম মজুমদাৰ, সমাজসেৱী দীপঙ্কৰ পাল, জিলা উপায়ুক্ত কার্যালয়ৰ সৈদুল হক বড়লস্কৰ, বিভাগীয় কণিষ্ট অভিযন্তা ৰাজকুমাৰ ৰায়। অনুষ্টানৰ আৰম্ভণিতে  স্কুলৰ শিক্ষক শিক্ষয়িত্রী আৰু ছাত্র ছাত্রী সকলে পৰিবেশন কৰে সাংস্কৃতিক অনুষ্ঠান । সভাত বক্তব্য ৰাখে স্কুলৰ প্রধান শিক্ষয়ত্ৰী বেবী ভট্টাচার্য,
সভাৰ সভাপতি সমাজসেৱি ভুপেশ পাল,এচএমচি সভাপতি সৌমিত্র পাল আদিয়ে ।

https://youtu.be/kwj-uDOA-RQ?t=22

প্রদীপ্ত পুৰকায়স্থ, কাটিগড়া,Ne india 

LEAVE A REPLY

Please enter your comment!
Please enter your name here