কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্ক এতিয়া সমগ্ৰ দেশৰ চৰ্চাৰ বিযয় হৈ উঠিছে । হিজাব বিতৰ্কক লৈ সকলো ৰাজনৈতিক দলে সুবিধা গ্ৰহণৰ প্ৰয়াস চলাইছে । কংগ্ৰেছ , সমাজবাদী পাৰ্টিয়ে হিজাবৰ সপক্ষে মত দিয়াৰ বিপৰীতে বিজেপিয়ে শিক্ষানুষ্ঠানক ধৰ্ম , ৰাজনীতিৰ গণ্ডীৰ পৰা মুক্ত ৰখাৰ আহ্বান জনাইছে । উত্তৰখণ্ডত শুকুৰবাৰে নিৰ্বাচনী জনসভাত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হিজাব বিতৰ্কক লৈ তাৎপৰ্যপুৰ্ণ মন্তব্য আগবঢ়াই । সমাজত সমানতা অনাৰ বাবে , সদ্ভাৱ , ভ্ৰাতৃত্ববোধ বৃদ্ধিৰ বাবেই শিক্ষানুষ্ঠানত ইউনিফৰ্ম প্ৰচলন কৰা হৈ আহিছে । সমাজত থকা এই ভ্ৰাতৃবোধ আৰু সদ্ভাৱ বিহ্নিত কৰাৰ বাবে একাংশ বিৰোধীয়ে যড়যন্ত অব্যাহত ৰাখিছে বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ । কংগ্ৰেছ নেতা হৰিশ ৰাৱটৰ মুছলমান বিশ্ববিদ্যালয় গঠনৰ দাবী তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই । ডঃ শৰ্মাৰ প্ৰশ্ন হৰিশ ৰাৱটে হিন্দু বিশ্ববিদ্যালয় গঠনৰ দাবী কিয় উত্থাপন নকৰে । কংগ্ৰেছৰ DNAত আছে তুষ্টিকৰণ ৰাজনীতি ।হিজাব বিতৰ্ক সন্ধৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় , আজি হিজাবৰ দাবী উত্থাপন কৰিছা , কাইলৈ হিন্দুৱে দাবী কৰিব, কাইলৈ খ্ৰীষ্টিয়ান সকলে দাবী উত্থাপন কৰিব । শিক্ষানুষ্ঠান শিক্ষা গ্ৰহণৰ বাবেহে , ফেশ্বন শ্ব ৰ বাবে নহয় বুলি গুৰুত্বপুৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।