শিক্ষক বদলিকৰণক লৈ উত্তপ্ত পৰিস্থিতি

0
919

 

বুধবাৰে ৰঙিয়াৰ ধেপাৰগাওৰ মধ‍্য ইংৰাজী বিদ্যালয়ত শিক্ষক বদলি কৰণক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।  ক্ষুদ্ধ ৰাইজে বিদ্যালয়খনত তলা ওলমায়। বদলিকৰণ প্ৰক্ৰিয়াৰ ষড়যন্ত্ৰত নমাৰ অভিযোগ তুলি বিদ্যালয় খনৰ প্ৰধান শিক্ষক কুলেন্দ্ৰ বড়োক অপদস্থ কৰে একাংশ ৰাইজে।    ৰাইজে  বিদ্যালয়ত তলা লগাই শিক্ষা বিভাগ হায় হায় ,শিক্ষক বদলিকৰণ বন্ধ কৰক , শিক্ষা বিষয়াৰ মই মতালি নচলিব , প্ৰধান শিক্ষক কুলেন্দ্ৰ বড়ো মুৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তপ্ত কৰি তোলে ।৪০০ ছাত্র-ছাত্রী  থকা বিদ্যালয় খনত  কিছুদিন  পূৰ্বে  দুজন শিক্ষকক  বদলি কৰাৰ পিছত  পুনৰ দুজন শিক্ষকক বদলি কৰিব ওলোৱা বুলি জাঙুৰ খাই উঠে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । ধেপাৰগাও নিম্ন প্ৰাথমিক বিদ্যালয় আৰু  মধ্য   ইংৰাজী বিদ্যালয় একত্ৰীকৰণৰ পিছত বিদ্যালয় খনত পৰ্যাপ্ত শিক্ষক নথকাৰ পিছতো শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। এই শিক্ষক বদলিকৰণ প্ৰক্ৰিয়াৰ ষড়যন্ত্ৰত বিদ্যালয় খনৰ প্ৰধান শিক্ষক কুলেন্দ্ৰ বড়ো জড়িত থকাৰ অভিযোগ তুলি শিক্ষক জনক শাৰিৰীক ভাবে অপদস্হ কৰে একাংশ ৰাইজে  । অতি শীঘ্ৰে ৰাইজে চৰকাৰী বিদ্যালয় খনৰ ভবিষ্যতৰ কথা চিন্তা কৰি শিক্ষক বদলিকৰণ বন্ধ ৰাখিবলৈ দাবী জনায় ।

https://youtu.be/zAoU2NQlAxA?t=3

 

( বন্দনা শৰ্মা , ৰঙিয়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here