Tuesday, March 21, 2023
HomeAssameseশিক্ষকৰ পৃথিৱী ! ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰণ

শিক্ষকৰ পৃথিৱী ! ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰণ

শিক্ষকৰ পৃথিৱী ! ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰণ

আজি শিক্ষক দিৱস। শিক্ষিত সকলোৱে জানে শিক্ষক দিৱসৰ তাৎপৰ্য। তথাপিয়ো ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ আজিৰ এই দিনটোত কিছুমান কথা মনলৈ আহিছে। তাকেই ইয়াত অৱতাৰণা কৰিব খুজিছোঁ।

আজিৰ দিনটোতহে শিক্ষকসকল স্মৃতিৰ পটত উদ্ভাষিত হয় নেকি? বছৰৰ বাকী দিনবোৰত শিক্ষকৰ প্ৰতি কাৰো চিন্তা কৰাৰ আহৰি নাই।
সুদীৰ্ঘ জীৱন এই মানুহ তৈয়াৰ কৰা শিক্ষক সকলে গঢ়-শালৰ তাপত দহি জীৱনৰ শেষ সময়ত যেতিয়া গ্ৰেচুইটি – পেঞ্চনৰ বাবে অফিচৰ বাৰান্দাত থিয় হৈ থাকিব লাগে, ফাইলটো ঘূৰিবলৈ নিজৰ ছাত্ৰৰ দৰে কেৰাণী-বিষয়াক কেইটামান টকা ধৰাই দিব লাগে, তেতিয়া হয়তো শিক্ষকৰ শিক্ষক হোৱাৰ মহত্বৰ ওপৰতে ধিক্কাৰ ওপজে।

শিক্ষাৰ বাণিজ্যকৰণে শিক্ষকো পণ্য সামগ্ৰীত পৰিণত কৰিছে।

এসময়ত গুৰুজী, মহোদয়, মহাশয় বুলি সম্বোধন কৰা শিক্ষক বৰ্তমান ‘ছাৰ’ হ’ল। শিক্ষিত ব্যক্তিৰ সংখ্যা বৃদ্ধি হ’ল। কিন্তু শিক্ষকৰ প্ৰতি শ্ৰদ্ধা-ভক্তি কমি আহিল। সন্মান প্ৰায় নাইকিয়া হ’ল।

Read moreৰাষ্ট্ৰীয় চিহ্ন আৰু কিছু কথা


আজিৰ যুগ পণ্য আৰু বাণিজ্যৰ যুগ। শিক্ষাৰো বাণিজ্য কৰণ কৰা হ’ল। তাৰ লগে লগে শিক্ষকো বাণিজ্যৰ সামগ্ৰী হৈ পৰিল। হাজাৰ টকাৰ পৰা লাখ লাখ টকাত এতিয়া শিক্ষক কিনা হয়। লাখ- কোটি টকাৰে ডাক্তৰ-ইঞ্জিনিয়াৰ গঢ়ি তোলা হয়। এই ব্যৱস্থাত শিক্ষক দিৱসৰ প্ৰাসংগিকতা যেন অৰ্থহীন হৈছে।

এসময়ত গুৰুজী, মহোদয়, মহাশয় বুলি সম্বোধন কৰা শিক্ষক বৰ্তমান ‘ছাৰ’ হ’ল।

পিছে শিক্ষকৰ সন্মান হানিৰ বাবে কিছুমান শিক্ষকো কম জগৰীয়া নহয়। উত্তেজক দ্ৰব্য সেৱন কৰি বাটে-ঘাটে অভদ্ৰ আচৰণ কৰি কিছুমান শিক্ষকে নিজৰ অৱস্থিতি তললৈ অৱনমিত কৰাও দেখা যায়। নিষিদ্ধ কৰ্ম্মৰ দ্বাৰা সমাজ কলুষিত কৰা শিক্ষৰ সংখ্যাও কম নহয়। যাৰ শিক্ষা বৃত্তিটোৰ প্ৰতি শ্ৰদ্ধা নাই তেওঁৰ শিক্ষক হোৱাৰ যোগ্যতা নাথাকে।

কিন্তু আজিৰ শিক্ষা ব্যৱস্থাই কিন্তু এচাম নতুন শিক্ষাবিদৰ সৃষ্টি কৰিছে। তেওঁলোকে একোটা অনুষ্ঠান, একোখন বিশ্ববিদ্যালয়ো ধংসৰ মুখলৈ লৈ যাব পাৰে। তেনে শিক্ষাবিদৰ নাম প্ৰায়েই প্ৰচাৰ মাধ্যমত পোৱা যায়।

কিন্তু আমি আশাবাদী। শিক্ষাৰ অনুশীলন চলি থাকিব, তাৰ লগতে প্ৰকৃত শিক্ষকৰ সৃষ্টি হৈয়েই থাকিব।

সৰ্বশেষত, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা জনাই কামনা কৰিছোঁ – আমাৰ শিক্ষকসকলে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ একোজন মহান শিক্ষক হিচাপে নিজকে গঢ়ি তুলিব।

Read more-আমাৰ শিক্ষা ব্যৱস্থাৰ নতুন সিদ্ধান্ত

ড০ আৰ কে বেজবৰুৱা,তেজপুৰ

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments