শাস্ত্ৰি নগৰ হাইস্কুলৰ দুৰ্গতি
তিনিচুকীয়া জিলাৰ মাকুম বাই পাছৰ কাষতে লাগি আছে শাস্ত্ৰী নগৰ হাইস্কুল নামৰ বিদ্যালয় খন। যিখন বিদ্যালয়ত আছে প্ৰায় ২৬০ গৰাকী ছাত্ৰ-ছাত্ৰী কিন্তু তাৰ বিপৰীতে আছে মাত্ৰ এগৰাকী শিক্ষক। উক্ত বিদ্যালয় খনৰ অবস্থা দেখি সৰব হল আদিবাসী সংগঠনৰ বিষয়-ববীয়া।বিদ্যালয় খন পৰিদৰ্শন কৰিব আহি এনে অৱস্থা দেখি তবাক মানিলে সংগঠনৰ বিষয় ববিয়াই।বিদ্যালয় খনৰ ৰান্ধনী হালৰ পৰিস্থিতি অতিকৈ শোচনীয়।বিদ্যালয় খনৰ প্ৰত্যেকটো শ্ৰেণী কোঠাত দেষ্ক বেঞ্চৰ সংখ্যা তেনেই নগণ্য,যাৰ বাবে একো খনকৈ বেঞ্চত বহিছে ৮ ৰ পৰা ১০ জন কৈ বিদ্যাৰ্থী।যোৱা বছৰ ৯০ জনকৈ ছাত্ৰ ছাত্ৰ-ছাত্ৰী অবতীৰ্ণ হৈছিল হাই স্কুল শিক্ষান্ত পৰীক্ষাত কিন্তু উতীৰ্ণ হল মাথোঁ দুজন।নহবনো কিয় কাৰণ বিদ্যালয় খনত থকা মাত্ৰ এজন শিক্ষককে কেইটা শ্ৰেণীত পাঠ দান কৰিব যদি এনেদৰেই শাস্ত্ৰী নগৰ হাইস্কুল খনি চলিব লগা হয় তেনেহলে এই বিদ্যালয় খন যে এদিন ধ্বংসৰ গৰাহত যাব সেই কথা নিছিন্ত।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News