শনিবাৰ দিনটোতকৈ আজি সুস্থ হৈ উঠিছে তৰুণ গগৈ

0
101

শনিবাৰ দিনটোতকৈ আজি সুস্থ হৈ উঠিছে তৰুণ গগৈ

ৰাইজৰ নেদেখাজনৰ ওচৰত প্ৰাথনাৰ বাবে শনিবাৰ দিনটোতকৈ আজি সুস্থ হৈ উঠিছে তৰুণ গগৈ।এই কথা সংবাদমেল যোগে জনাইছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।GMCHৰ অধীক্ষক গৰাকীয়ে কয় যে,
“কালিতকৈ কিছু পৰিমাণে সংকটমুক্ত হৈছে। আশা কৰিব পাৰি তেওঁ ভাল হ’ব।”তেওৰ অক্সিজেনৰ মাত্ৰা ৯৫-৯৭ আছে। লেব ইনভেষ্টিগেশ্যনত কিছু উন্নত হৈছে।
প্ৰয়োজন সাপেক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ডায়ালেচিছ কৰা হ’ব
AAIMSৰ চিকিৎসকৰ সৈতে ভিডিও কণফাৰেন্স যোগে আলোচনা কৰি আছে বুলি জনাইছে অভিজিত শৰ্মাই। পৰৱৰ্তী ২৪ ঘণ্টালৈকে সম্পূৰ্ণ সংকট মুক্ত বুলি গগৈক ক’ব নোৱাৰি বুলি ব্যক্ত কৰিছে শৰ্মাই।

উল্লেখযোগ্য যে non invensive ভেন্টিলেশ্যন ৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটা বাবে মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ-নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈৰ।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here