শনিবাৰে ঘোষিত হল NDA ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম

9

শনিবাৰে ঘোষিত হল NDA ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম

বিজেপি নেতৃত্বাধীন NDA য়ে ঘোষণা কৰিলে উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম । শনিবাৰে দিল্লীৰ বিজেপি মুখ্য কাৰ্যলয়ত অনুষ্ঠিত সংসদীয় কমিটিৰ সভাতে চুড়ান্ত কৰা হয় উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম । সংসদীয় বৰ্ডৰ সভাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
২০২২ চনৰ উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত NDA য়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ক ।
বিজেপিয়ে জগদ্বীপ ধনখড়ক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি দলৰ দুৰদৰ্শীতা প্ৰতিচ্ছবি ডাঙি ধৰিলে । ধনখড় মুলত ৰাজস্থানৰ বাসিন্দা ।জগদ্বীপ ধনখড়ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিজেপিয়ে আগন্তুক দিনত ৰাজস্থানত হব লগা বিধানসভা নিৰ্বাচনত এক ইতিবাচক প্ৰভাৱ পেলাব । ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্ৰোপদী মুৰ্মুক প্ৰক্ষেপ কৰি বিজেপিয়ে ইতিমধ্যে আধিবাসী ভোটাৰৰ মাজত বিশ্বাসভাজন হৈ উঠিছে । জগদ্বীপ ধনখড় জাট সম্প্ৰদায়ৰ । জগদ্বীপ ধনখড়ক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ জাট সম্প্ৰদায়ৰ ভোটাৰৰ ওচৰ চপাৰ চেষ্টা চলাইছে । তিনি কৃষি আইন গৃহীত কৰি বেকফুটলৈ যোৱা বিজেপিয়ে বিচাৰি আছিল কৃষক সমাজৰ মাজত আস্থাভাজন হোৱাৰ ।
জগদ্বীপ ধনখড় যিহেতু মুলত এক কৃষক পৰিয়ালৰ ব্যক্তি , সেয়ে জগদ্বীপ ধনখড়ক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি দুৰদৰ্শীতা পৰিচয় ডাঙি ধৰিছে । ৰাজনৈতিক বিশ্লেষকৰ মতে বিজেপিয়ে এটা গুলীত কেবাটাও চিকাৰ কৰিলে ।
৬ আগষ্টত অনুষ্ঠিত হব উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন । দুয়ো সদনৰ সংখ্যালৈ লক্ষ্য কৰিলে এয়া নিশ্চিত যে , NDA ৰ প্ৰাৰ্থী জগদ্বীপ ধনখড় অনাসায়ে বিজয়ী হব । দুয়ো সদনত মুঠ সদস্যৰ সংখ্যা ৭৮০ । বিজয়ী হবলৈ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ধনখড়ক প্ৰয়োজন ৩৯১ ভোটৰ । বিজেপিৰ সদস্য সংখ্যা ৩৯৪ গৰাকী । এই পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে ৰাজদ্বীপ ধনখড়ৰ বিজয়ৰ ক্ষেত্ৰত মাথো আনুষ্ঠানিকতাহে বাকী ।

News Bureau reports, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here