শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব বদৰুদ্দিন আজমলে

0
789
NE INDIA: নগাঁও ৰূপহীহাটৰ খাটোৱালত শুকুৰবাৰে বিদ্যুতস্পৃষ্ট হৈ ছয়জনকৈ লোকৰ মৃত্যু হোৱাৰ পাচতে এতিয়া শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সকলো । শনিবাৰে ৰূপহীহাটৰ খাটোৱালত উপস্থিত হয় AIUDF ৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল । নিহত লোকসকলৰ প্ৰতি আজমলে সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতৰ পৰিয়াললৈ দহ হাজাৰ টকা আৰু আহতসকলক পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰে । এই মৰ্মান্তিক ঘটনাৰ বাবে আজমলে শক্তি বিভাগৰ অৱহেলা আৰু অকৰ্মণ্যতাকেই দায়ী বুলি উল্লেখ কৰাৰ লগতে শক্তিবিভাগৰ বিৰুদ্ধে জমিয়তৰ হৈ গোচৰ তৰিব বুলিও কয় আজমলে । চৰকাৰৰ তৰফৰ পৰা নিহত ব্যক্তিৰ পৰিয়ালক দহ লাখ টকাকৈ ক্ষতিপূৰণৰ দাবী তোলে সাংসদ গৰাকীয়ে । সাংসদ গৰাকীৰ লগতে শনিবাৰে খাটোৱালত উপস্থিত হৈ AIUDF ৰ বিধায়ক আমিনুল ইছলামে বিদ্যুৎ বিভাগৰ লগতে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।
আদিল শ্বাহ নগাঁও Neindia News

LEAVE A REPLY

Please enter your comment!
Please enter your name here