Monday, May 22, 2023
HomeAssameseশংকৰদেৱ শিশু নিকেতন, ফিল'বাৰী আৰু মইনা পাৰিজাতৰ ব্যতিক্ৰমী পদক্ষেপ

শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰী আৰু মইনা পাৰিজাতৰ ব্যতিক্ৰমী পদক্ষেপ

শংকৰদেৱ শিশু নিকেতন ফিল’বাৰী আৰু মইনা পাৰিজাতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰত্যেক বছৰৰ দৰেই এইবছৰো শংকৰদেৱ শিশু নিকেতন আৰু মইনা পাৰিজাতৰ ছাত্ৰ-ছাত্ৰী সকল ফিল’বাৰী আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ বাবে বিহুৰ পিঠা-পনা প্ৰদান কৰাৰ লগতে থানা চৌহদত বিহু প্ৰদৰ্শন কৰে । আৰক্ষী থানাখনত কৰ্মৰত আৰক্ষী সকলেও কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে বিহুৰ আনন্দ উদযাপন কৰে । উল্লেখযোগ্য যে, কৰ্মব্যস্তাৰ বাবে আৰক্ষীৰ লোকসকল আপোন ঘৰখন তথা পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হয়, যাৰ পৰিপেক্ষিতত বিগত ২০১৩ চনৰ পৰাই ফিল’বাৰীৰ শংকৰদেৱ শিশু নিকেতনে এইদৰে আৰক্ষী থানাৰ চৌহদত বিহু প্ৰদৰ্শন কৰাৰ লগতে বিহুৰ সময়ত আৰক্ষীৰ সৈতে একেলগে আনন্দ কৰি আহিছে । শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰী আৰু মইনা পাৰিজাতৰ এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে শলাগ লৈছে ।

ৰন্টু বৰশইকীয়া ,মাকুম, Ne india news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments