লোহাৰী কছাৰী আদৰ্শ গাঁওত আয়োজন দ্বিতীয়বাৰ্ষিক সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস
সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত উদ্যোগ নগৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ লোহাৰী কছাৰী গাঁৱৰ ৰাইজৰ সহযোগত লোহাৰী কছাৰী আদৰ্শ গাঁও খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰিছে দ্বিতীয়বাৰ্ষিক সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস ৷
পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু গছপুলি ৰোপন কৰাৰ পাছতে কণকণ ছাত্ৰছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে ৷
উক্ত অনুষ্ঠানৰ জৰিয়তে দুদিনীয়া কায্যসূচীত সমূহ ৰাইজৰ সহায়সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তামণ্ডলীয়ে ৷