লোকসভা নিৰ্বাচন সমাগত ! কোনে মাৰিব শেষ হাঁ‌হি

0
1223

NEWS DESK NE INDIA: ২০১৯ ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ টা মাহ বাকী  ৷ সমাগত নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে  কঁকালত টঙালি বান্ধি সাজু হৈছে ৷আগন্তুক নিৰ্বাচনত কোন দল জয়ী হব কোন দেশৰ প্ৰধানমন্ত্ৰী হব সেয়া সময়েহে কব  ৷ সমীক্ষাত প্ৰকাশ পাইছে যে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ মিত্ৰজোঁটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা শাসনভাৰ নিজৰ অধীনলৈ আনিবলৈ কৰা কাৰ্যত অক্ষম হব ৷আন এক সূত্ৰই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হব যদিও ক্ৰমে শক্তিশালী হোৱা বিৰোধী মিত্ৰজোঁটৰ বাবে বিজেপি দলে  ২০১৪ৰ নিৰ্বাচনৰ লেখিয়াকৈ বৃহৎ বিজয় লাভ কৰিব নোৱাৰিব ৷  প্ৰতিটো সমীক্ষাত প্ৰকাশ পোৱা তথ্য সমুহক বিশ্লেষণ কৰি এটা অনুমান কৰিব পাৰি যে ২০১৯ ৰ নিৰ্বাচনত  বিজেপিয়ে ৩০% ,কংগ্ৰেছ ২৩% আৰু অন্যান্য ৪৭% ভোট পোৱাৰ সম্ভাৱনা আছে ৷এই সমীক্ষা ১৮ জুলাই ২০১৮ পৰা ২৯ জুলাই ২০১৮ লৈ ৯৭টা সংসদীয় ক্ষেত্ৰ আৰু ১৯৭ বিধানসভা ক্ষেত্ৰৰ ১২,১০০ মানুহৰ ভিতৰত কৰা হৈছিল ৷নিৰ্বাচনত কোনে কিমান আসন  লাভ কৰিব সেই কথা সমীক্ষা সমুহত প্ৰকাশিত হোৱাত অনুমান কৰিব পাৰি যে বিজেপিয়ে ২০১৪ নিৰ্বাচনৰ লেখিয়াকৈ ২০১৯ৰ নিৰ্বাচনত পূৰ্ণ সংখ্যাগৰিষ্টতা লাভ  কৰিব নোৱাৰিব । ২০১৪ ত বিজেপি দলে নিজাববীয়াকৈ ২৮২ খন আসন লাভ কৰি পূৰ্ণ চৰকাৰ গঠন কৰিছিল কিন্তু সেই অনুপাতে ২০১৯  ত বিজেপিয়ে অকলে ২৪৫ খন আসন ,কংগ্ৰেছে ৮২ খন আৰু অন্যান্য দলে  ২১৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি সমীক্ষাত প্ৰকাশ পাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here