সোমবাৰে লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ এখনি বৈঠক অনুষ্ঠিত হয়। বৈঠক খনত অসম মালাৰ অধীনৰ পথ উন্নয়ন আৰু উন্নীতকৰণৰ কাম, বাহ্যিক সহায় প্ৰাপ্ত প্ৰকল্প আৰু মুখ্যমন্ত্রী পথ উন্নয়ন কাৰ্যসূচীৰ স্থিতি পৰ্যালোচনা কৰে। ইয়াৰোপৰি বিষয়াসকলক দ্ৰুতগতিত কাৰ্য ৰূপায়ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । লগতে গুৱাহাটী মহানগৰত পথসমূহৰ অৱস্থা পৰ্যবেক্ষণ কৰে আৰু ক্ষতিগ্ৰস্থ পথসমূহ চিনাক্ত কৰি তাৎক্ষণাত পৰিদৰ্শন কৰিবলৈ আৰু উন্নতিৰ বাবে ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে ।