লেখাপানী বন বিভাগে জব্দ কৰে অবৈধ চোৰাং বেত
লেখাপানী বন বিভাগৰ বেত বিৰোধী অভিযান। টিৰাপ নৈৰ কেনিয়া ঘাটত বহু মূল্যবান হৰোকা বেত বুজাই কৰি অনা দুখন বাহঁৰ ভুঁৰ জব্দ কৰে লেখাপানী বন বিভাগে।অৰুণাচলৰ পাটকাই পাহাৰ দিশৰ পৰা টিৰাপ নৈ বুকুৱেদি আনিছিল অবৈধ চোৰাং বেত খিনি । বন বিভাগৰ দল দেখি 4টা কৈ চোৰাং ব্যৱসায়ী প্ৰাণ লৈ পলায়ন কৰে। বেত খিনিৰ বজাৰৰ মুল্য প্ৰায় দেৰ লাখ টকা হব বুলি লেখাপানী বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।