লুৰিণজ্যোতি আৰু অৰুণজ্যোতিৰ উপস্থিতিত ডাঙৰীৰ অাৰ্তজনলৈ সাহায্য প্ৰদান

0
337

লুৰিণজ্যোতি আৰু অৰুণজ্যোতিৰ উপস্থিতিত ডাঙৰীৰ অাৰ্তজনলৈ সাহায্য প্ৰদান

কাকপথাৰ ২৯এপ্ৰিলঃ লকডাউনৰ সময়চোৱাত আৰ্থিক দৈন্যতাত ভোগা আৰ্তজনক অসমৰ ছাত্ৰ সমাজে যোগান ধৰিছে এমুঠি অন্নৰ ৷ আজি গোপীনাথ বৰদলৈ স্মৃতি ক্লাৱে ডাঙৰীত আয়োজন কৰা এটা সাহায্য শিৱিৰত ১০০টা পৰিয়ালক উপকৃত কৰে অসমৰ ছাত্ৰ সমাজে ৷ দুখৰ দিনত এমুঠি অন্ন যোগাৰ দিয়া সাহায্য প্ৰদান অনুস্থানটিত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সুৰজিত মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, মটক যুৱ পৰিষদ আদি উপস্থিত আছিল। ৰূপাই সন্মিলিত সমাজেও কালি অঞ্চলটোৰ ২৩০টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছিল।এই সাহায্য প্ৰদান অনুস্থানত উপস্থিত আছিল আছু,অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতি, মটক যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিনিধি।

https://youtu.be/_eRwo6N0L3M?t=75

দ্বীপেন লহকৰ, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here