Monday, May 22, 2023
HomeAssameseলীলাবাৰী বিমানবন্দৰত ৰেডবাৰ্ড ফ্লাইট ট্ৰেনিং একাডেমীৰ শুভ উদ্বোধন

লীলাবাৰী বিমানবন্দৰত ৰেডবাৰ্ড ফ্লাইট ট্ৰেনিং একাডেমীৰ শুভ উদ্বোধন

মঙলবাৰে লখিমপুৰস্থিত লীলাবাৰী বিমানবন্দৰত শুভ উদ্বোধন কৰা হয় ৰেডবাৰ্ড ফ্লাইট ট্ৰেনিং একাডেমীৰ । কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুভ উদ্বোধন কৰে একাডেমী খন । উত্তৰ পুৱৰ উচ্চাভিলাষী আত্মনিৰ্ভৰ ভাৰতৰ উদ্যোগত স্থাপন হব লগা ৯ টা বিমান প্ৰশিক্ষণ একাডেমীৰ অন্যতম হব লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ ৰেডবাৰ্ড ফ্লাইট ট্ৰেনিং একাডেমীখন ।
প্ৰায় ২০০ প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিব লগা একাডেমীখনত দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব ১০ শতাংশ আসন ।
লীলাবাৰী বিমানবন্দৰৰ ৰেডবাৰ্ড ফ্লাইট ট্ৰেনিং একাডেমীৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । লগতে উপস্থিত থাকে কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু , সাংসদ প্ৰদান বৰুৱা , বিধায়ক মানৱ ডেকা আদি ।

News Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments