লিডুত সামৰণি পৰিল সদৌ অসম আন্তজিলা ভিত্তিক ভলীবল প্ৰতিযোগিতা
দেওবাৰে তিনিচুকীয়া জিলাৰ লিডুৰ পাটকাই খেলপথাৰত অনুষ্ঠিত হৈ যায় অসম আন্তজিলা ভিত্তিক জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ ভলীবল প্ৰতিযোগীতাৰ চূড়ান্ত মেচ
লিডু ইয়থ ক্লাব আৰু মাৰ্ঘেৰিটা কোচিং চেন্টাৰৰ উদ্যোগত ৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অসম আন্তজিলা ভিত্তিক জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ ভলীবল প্ৰতিযোগিতাত অসমৰ ৩৬ খন জিলা ভিক্তিক দলক লৈ খেলখন অনুষ্ঠিত কৰা হৈছিল
ল’ৰা আৰু ছোৱালীৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ ল’ৰা দলৰ মাজতে হোৱা খেলৰ চুৰান্ত প্ৰৰ্যায়ত মুখামুখি হয় “তেজপুৰ” বনাম “দক্ষিণ কামৰূপ”,
খেল খনত তেজপুৰ দলে জয়লাভ কৰি গজেন গগৈ সোৱৰণি ট্ৰফি নিজৰ দখললৈ আনিবলৈ সক্ষম হয়৷
আনহাতে ছোৱালী দলৰ চুৰান্ত খেলখন অনুষ্ঠিত হয় “বৰপেটা আৰু ধেমাজি জিলাৰ মাজত, যত ধেমাজি দলে জয়লাভ কৰি “নুমলী গগৈ সোৱৰণি ট্ৰফি” নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে
মাৰ্ঘেৰিটা , বাবা নেওগ,Ne India