Sunday, November 27, 2022
HomeAssameseলিডুত অবৈধ কয়লা খনিত ৩ জনৰ মৃত্যু

লিডুত অবৈধ কয়লা খনিত ৩ জনৰ মৃত্যু

লিডুত অবৈধ কয়লা খনিত ৩ জনৰ মৃত্যু

তিনিচুকীয়া জিলাৰ লিডুৰ চোৰাং কয়লা খনিত নিহত তিনি কয়লা শ্ৰমিক । মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন আৰু লিডু আৰক্ষী প্ৰশাসনৰ লিডুৰ বিভিন্ন অঞ্চলত অভিযান অব্যাহত । কিন্তু এই পৰ্যন্ত মূল অভিযূক্ত ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ সমীপৰ কয়লা খনিত গেছ নিৰ্গত হৈ ৩ জন শ্ৰমিকৰ মৃত্যু হয়।

নিহত শ্ৰমিক তিনিজন বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী।

লিডুত অবৈধ কয়লা খনিত ৩ জনৰ মৃত্যু

ইতিমধ্যে আৰক্ষী প্ৰশাসনে যোৱা কালি ৮ জনক সোধ পোছৰ বাবে মাৰ্ঘেৰিটা আৰক্ষী থানাত ৰাখিছিল যদিও এক দিঘলীয়া তদন্তৰ পাছত বৰ্তমান আজি পাচ জন ক্ৰমে মহম্মদ আনোৱাৰ হ্ৰচেইন,ৰাণা দাস ,বিজন ৰয়, মহম্মদ মইজল আলি , মহম্মদ ‌হুচেইন আলিক PS Margherita case no 251/2022 under sec 120B/302/201/379 IPCR/WSec 30of pdppdx ধাৰাত গুচৰ ৰুজূ কৰি জেল সাজুতলৈ প্ৰেৰণ কৰিছে ।

কিন্তু বৰ্তমান পৰ্যন্ত মূল অভিযুক্ত ডেভিড নাগা আৰু কালু ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নায় আৰক্ষী প্ৰশাসনে ।

লগতে নামনি অসমৰ পৰা একাংশ শ্ৰমিক আনি এই অবৈধ খননকাৰ্য ত নিয়োগ কৰোৱা জয়নাল ক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰা নাই ।

এই জয়নালে পাহাৰ অঞ্চলত একাংশ শ্ৰমিক নিয়োগ কৰোৱাই অবৈধ ৰেড হ’ল মাইনিং ৰ দ্বাৰা খনন কাৰ্য অব্যাহত ৰাখিছে । জনাবস্তী অঞ্চলত শশ কৰ্মচাৰীক নিচাজাতীয় সামগ্ৰী সেৱন কৰোৱাই চোৰাং কয়লা খননকাৰ্য অব্যাহত ৰাখিছিল ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments