লাহোৰত  ভগত সিংৰ নামত হব চাদমান চ’কৰ নাম !

0
868

INTERNATIONAL DESK NE INDIA : স্বতন্ত্ৰতা সেনানি ভগত সিংৰ নামত পাকিস্তানৰ ৰাজধানী লাহোৰৰ চাদমান চ’কৰ নামকৰণ কৰিব লাগে বুলি নিৰ্দেশ দিছে লাহোৰ হাইকৰ্টে। লাহোৰ হাইকৰ্টৰ ন্যায়াধীশ শ্বাহিদ জমাল খানে লাহোৰৰ ডিপ্তী কমিছনক  জাৰি কৰা আদেশ অনুসৰি ভগত সিংৰ নামত চাদমান চ’কৰ নাম কৰাক লৈ চলি থকা গোচৰটোৰ বিচাৰ সোনকালে সমাপন কৰিব লাগে। কিয়নো চাদমান চ’কৰ নাম ভগত সিংৰ নামত নামকৰণ কৰাক  লৈ ভগত সিং মেমোৰিয়েল ফাউন্দেছনৰ অধ্যক্ষ ইম্টিয়াজ ৰচীদ সুৰেচীয়ে ন্যায়ালয়ত দাখিল কৰিছিল এক ৰুজু। ভগত সিং মেমোৰিয়েল ফাউন্দেছনৰ অনুসৰি ভগত সিং দেশৰ মহান স্বতন্ত্ৰতা সেনানি আছিল যিয়ে দেশৰ বাবে নিজক উচৰ্গা কৰিছিল। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here