লালকিল্লা কাণ্ডত চৰ্চিত পাঞ্জাৱী অভিনেতা দ্বীপ সিদ্ধুৰ অকাল মৃত্যু

69

কৃষি আইন বলবৎ ৰ পিচত দেশজুৰি সৃষ্টি হৈছিল কৃষক বিদ্ৰোহ । দিল্লীত এই আন্দোলনে উত্তাল ৰুপ ধাৰণ কৰিছিল ২০২১ চনৰ জানুৱাৰী মাহত দিল্লীৰ লালকিল্লাত সংঘটিত হৈছিল অপ্ৰীতিকৰ ঘটনা । দিল্লীৰ বিভিন্ন অঞ্চলৰ পৰা আন্দোলনকাৰী কৃষকে ট্ৰেক্টৰ ৰেলীৰে প্ৰবেশ কৰিছিল দেশৰ ৰাজধানী দিল্লীত । আন্দোলনকাৰী কৃষকে দিল্লীৰ লালকিল্লাত প্ৰবেশ কৰি ভাৰতীয় তিৰংগা পতাকাক অপমাণিত কৰিছিল । চলাইছিল ধ্বংস যজ্ঞ । এই সমগ্ৰ ঘটনাত নাম সাঙোৰ খাইছিল পাঞ্জাৱী আভিনেতা দ্বীপ সিদ্ধুৰ নাম । আন্দোলন কাৰী কৃষকক প্ৰৰোচিত কৰি লালকিল্লাত ধ্বংস যজ্ঞ চলাবলৈ উদগনি দিয়াৰ অভিযোগ উঠিছিল অভিনেতা দ্বীপ সিদ্ধুৰ বিৰুদ্ধে । ঘটনা সংঘটিত হোৱাৰ পিচত পলাতক দ্বীপ সিদ্ধুৱে পিচলৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ।অভিনেতা দ্বীপ সিদ্ধু জামিনত মুক্তি লাভ কৰিছিল যদিও বিভিন্ন ৰাজনৈতিক দলৰে শত্ৰুতা বৃদ্ধি পাইছিল অভিনেতা গৰাকীৰ । এইগৰাকী অভিনেতা মঙলবাৰে নিশা এক পথ দুৰ্ঘটনাত পতিত হয় । দিল্লীৰ পৰা পঞ্জাৱলৈ উভতাৰ পথত খৰখোদাৰ কুন্দলী মানেচাৰ পলৱাল এক্সপ্ৰেছ হাইৱেত ট্ৰাকেৰে মুখামুখী সংঘৰ্ষত লিপ্ত হয় দ্বীপ সিদ্ধুৰ বগা ৰঙৰ স্কৰ্পিয়ো বাহন । সেইসময়ত দ্বীপ সিদ্ধুৰ বাহনখন গতি আছিল ঘন্টাত ১০০ ৰ পৰা ১২০ কিলোমিটাৰ । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মৃত্যু মুখত পৰে অভিনেতাগৰাকী । অভিনেতা গৰাকীৰ সৈতে বাহনখনত যাত্ৰা কৰা অভিনেতা গৰাকীৰ প্ৰেয়সী ৰীণা ৰয় সামন্যপৰিমাণে আহত হৈছে । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here