লাচিত দিৱসৰ শ্ৰদ্ধাঞ্জলিঃ আলাবৈত যুদ্ধ
সৰ্গদেৱৰ আদেশ মানি লাচিতে চাৰিঙীয়া পেলন ফুকন, দিখৌমুখৰ ৰাজখোৱা, নামদৈয়ঙ্গীয়া আৰু ওপৰ-দৈয়ঙ্গীয়া ৰাজখোৱাৰ তলত চল্লিশ হাজাৰ সৈন্য দি আলাবৈত ৰামসিংহৰ সন্মুখলৈ পঠিয়ালে।
লগতে ৰামসিংহলৈ কটকী পঠিয়াই ক’লে যে একুৰি হাজৰ সৈন্য মাথোঁ পঠিয়াইছে, ৰামসিংহই যুঁজি চাব পাৰে।
ৰামসিংহই নিজৰ অৱস্থিতি বুজি নিশ্চিত হৈ আছিল যে তেওঁ যুদ্ধ জিকিব।
সেয়ে কম সৈন্যৰ দ্বাৰা সুখ্যাতি বঢ়াবলৈ তেওঁ মীৰ নবাবৰ তলত দহ হাজাৰ সৈনিক দি যুদ্ধৰ বাবে সাজু হ’ল।
ৰামসিংহই আন এটা বুদ্ধি সাজিলে। পুৰুষ সৈন্যৰ সাজ- বৰ্ম পিন্ধাই মদনাৱতী নামৰ তিৰোতা এজনীক ৰামসিংহই ৰাজপুত সৈন্যৰ আগত দিলে।
হাতত তৰোৱাল লৈ মদনাৱতীয়ে তীব্ৰ গতিত আহোম সৈন্যৰ ওপৰত জপিয়াই পৰিল আৰু অনেক সৈন্য কাটি আহোমৰ সেনাবাহিনীৰ প্ৰথম তিনিটা বেহু লণ্ড ভণ্ড কৰি পেলালে।
ৰামসিংহৰ কৌশলৰ বিপৰীতে আহোম সেনাপতিয়ে কাড়ী আৰু হিলৈদাৰী সৈন্যক ব্ৰাহ্মণৰ সাজ পিন্ধাই যুদ্ধক্ষেত্ৰৰ আগত ৰাখিলে। মদনাৱতীয়ে পৰম বিক্ৰম দেখুৱালে।
অসমীয়া সৈন্যৰ কাড় আৰু গুলীয়ে মদনাৱতীৰ একো ক্ষতি কৰিব নোৱাৰিলে। তাকে দেখি আহোম সেনাপতিয়ে পিছৰ শাৰী সৈন্যক খাৱৈ খান্দিবলৈ আদেশ দিলে।
পলকতে খাৱৈ খন্দা হৈ গ’ল আৰু অসমীয়া যোদ্ধাই খাৱৈৰ ভিতৰৰ পৰা যুদ্ধ কৰিবলৈ ধৰিলে।
ৰাজপুত সৈন্য এইবাৰ আগবাঢ়িব নোৱাৰি আন দিশেৰে ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ কথা চিন্তা কৰিলে। কিন্তু তাতো অসমীয়া সৈন্যৰ প্ৰতিৰোধ পালে।
ব্ৰহ্মপুত্ৰৰ পাৰৰ মুকলি যুদ্ধত অসমীয়া সৈন্যৰ গুলী লাগি মদনাৱতীয়ে প্ৰাণ ত্যাগ কৰিলে।
লাচিত বৰফুকনে প্ৰত্যেক্ষ ভাৱে যুদ্ধত নমা নাছিল। মোগলৰ যুদ্ধ পৰিচালনা কৰিছিল সেনাপতি মীৰ নবাবে।
লাচিত বৰফুকনে লো-ঠাৰাৰাৰ আঁৰৰ পৰা যুদ্ধৰ গতি নীৰিক্ষণ কৰি আছিল। তেওঁৰ লগত চূড়ামণি নামৰ এজন দৈৱজ্ঞ আছিল।
তেওঁৰ গণনা নিৰ্ভুল আছিল।দৈৱজ্ঞ চূড়ামণিয়ে কৈছিল – “মীৰ নবাব যুদ্ধত পৰিব”। কিছু সময় যুদ্ধ কৰাৰ পাছত তেওঁৰ কথা ফলিয়ালে।
মীৰ নবাবক লুথুৰী ৰাজখোৱাই লাচিতৰ সন্মুখত হাজিৰ কৰালে। মোগলৰ জীৱিত সৈন্য পলাই গ’ল। মীৰ নবাবক লাচিতে আহোমৰ কোঠত বন্দী কৰি ৰাখিলে।
সাময়িক ভাবে যুদ্ধত আহোম সেনা জিকিল। এই কথা ৰামসিংহই সহজ ভাবে ল’ব নোৱাৰিলে।
যুদ্ধ ক্ষেত্ৰত পৰি ৰোৱা মোগল সৈন্যৰ হাথিয়াৰ লৈ আহোম সেনা নিজৰ কোঠ পাওঁ পাওঁ হওঁতেই মোগলৰ সৈন্য পৰিচালনা কৰি ৰামসিংহই অসমীয়া সৈন্যৰ ওপৰত জপিয়াই পৰিল।
ৰাজপুত সৈন্যই দীঘল বাৰুৰ আঁৰত লুকাই থাকি যুদ্ধ কৰিবলৈ ধৰিলে। অসমীয়া সৈন্য এই অতৰ্কিত আক্ৰমণৰ বাবে সাজু নাছিল।
তাৰোপৰি নতুন ধৰণৰ যন্ত্ৰ আৰু বাৰুৰে সজ্জিত ৰাজপুত অশ্বাৰোহীৰ সৈতে ভেটা-ভেটি হোৱাৰ অভিজ্ঞতা নাছিল।
গতিকে, কিবা কৰাৰ আগতেই সৈন্যবোৰ ৰাজপুত অশ্বাৰোহীৰ হাতত ধৰাশায়ী হ’বলৈ ধৰলে।
চাওতে চাওতে দহ হাজাৰ প্ৰাণহীন অসমীয়া সৈন্যৰ দেহাৰে আলাবৈৰ ৰণক্ষেত্ৰ ভৰি পৰিল।
বেলি মাৰ যোৱাৰ আগে আগে ৰামসিংহ নিজৰ কোঠালৈ উভটি গ’ল। বৰফুকনলৈ লিখি পঠিয়ালে-
” অসমীয়াৰ ইমান সাহ। অম্বেৰৰ আচোৱাৰীৰ লগত যুদ্ধ কৰিবলৈ সাহ কৰে!” পুনৰ তেনে মূৰ্খামি নকৰিবলৈ তাক কাড়ৰ মাৰি পঠায়।
তাৰ উত্তৰ লাচিতে দিলে –
” দাতিয়াল ৰজা অনেক আহিছে। তাৰে কোনো জনে আমাত নুসুধি মৈদানত আনন্দ কৰিলে। এফৈদ পৰিছে, আৰু সপ্তগুন সাষ্টম হৈ আছে।”
মুখত যিয়েই নকওক, আলাবৈৰ বিপৰ্য্যয়ে লাচিতক বিচলিত কৰিলে।
ক্ৰমশঃ