Saturday, May 27, 2023
HomeAssameseলাচিত দিৱসৰ শ্ৰদ্ধাঞ্জলিঃ আলাবৈৰ বিপৰ্য্যয়

লাচিত দিৱসৰ শ্ৰদ্ধাঞ্জলিঃ আলাবৈৰ বিপৰ্য্যয়

লাচিত দিৱসৰ শ্ৰদ্ধাঞ্জলিঃ আলাবৈৰ বিপৰ্য্যয়

বৰফুকন পতাৰ পূৰ্বে লাচিতক গুৱাহাটীৰ বৰফুকন আৰু গড়গাঁওৰ মাজত বাৰ্তা অনা নিয়া ঘোঁৰা কোৱঁৰ পতা হৈছিল।

তেওঁক বৰফুকনৰ বাব দিয়াৰ পাছত অন্য এজনক এই ভাৰ দিয়া হৈছিল।

ৰামসিংহই তেতিয়া আজ্ঞাঠুৰীত কোঠ মাৰি আছিল। সৰু সৰু কেইখনমান যুদ্ধ হৈছিল।

১৬৬৯ চনত অক্টোবৰ মাহৰ পৰা ১৬৭০ চনৰ মাৰ্চ মাহলৈ ৰামসিংহই যুদ্ধ কৰাৰ আগ্ৰহ দেখুওৱা নাছিল।

ইপিনে, আহোমৰ সৈন্য পৰিচালক সকলে বুজি পাইছিল যে দগা যুদ্ধৰ পৰা মোগলৰ কিছু সৈনিক হানি হৈছে যদিও তাৰ পৰা একো নিৰ্ণায়ক ফল আশা কৰিব নোৱাৰি।

আহোম সেনাপতি সকলে আলোচনা কৰি সিদ্ধান্ত ল’লে যে পানীৰ যুদ্ধহে ফলদায়ক হ’ ব।

কেনেবাকৈ মোগলক ব্ৰহ্মপুত্ৰৰ মাজলৈ আনিব পাৰিলে যুদ্ধই সুফল দিব। লাচিতে তেনেকুৱা সময় এটাৰ বাবে অপেক্ষা কৰি ৰ’ল।

কিন্তু সেই সময়তে তিনিটা ডাঙৰ কাৰকে লাচিতক যুদ্ধ কৰিবলৈ বাধ্য কৰালে।

ৰামসিংহই কুটিল কৌশল হাতত ল’লে। আহোম সেনাপতি সকলৰ মাজত অবিশ্বাস সৃষ্টিৰ বাবে মিছাকৈ এখন পত্ৰ লিখি কাঁড়ত বান্ধি মিৰি-সন্দিকৈ ফুকনৰ কোঠত পেলালে।

তাত লিখা আছিল – *”অ, বৰফুকন কালি তুমি আমাৰ পৰা এক লাখ টকা বক্ চিচ লৈ আমাৰ বিৰুদ্ধে যুদ্ধ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছিলা।

তুমি কি কাৰণে এতিয়াও ৰণৰ ভাও এৰা নাই”। *

মিৰি-সন্দিকৈ ফুকনে ততালিকে এই পত্ৰ সৰ্গদেৱলৈ পঠিয়াই দিলে।

তাৰোপৰি ৰামসিংহই সৰ্গদেৱৰ সৈন্যৰ সৈতে তেওঁৰ সৈন্যৰ দ্বন্দ্বযুদ্ধৰ আহ্বান জনাই সোনবৰ নদীয়ালৰ হাতত পত্ৰ প্ৰেৰণ কৰিলে।

আনহাতে গুৱাহাটীৰ ৰংমহল কোঠৰ সেনাপতি – পেলন ফুকনে ঘোঁৰাকোৱঁৰৰ হাতত স্বৰ্গদেৱলৈ গোপন বাৰ্তা প্ৰেৰণ কৰিলে যে বৰফুকনে অকাৰণে চূড়ান্ত যুদ্ধ কৰাত পলম কৰিছে।

এনেকুৱা বিপৰীত স্থিতিত বৰফুকন লাচিতৰ ওপৰত সন্দেহৰ ছাঁয়া ঘনীভূত হ’ল। যুদ্ধৰ বিজয় বাৰ্তা শুনিবলৈ চক্ৰধ্বজ সিংহ উদ্বাউল হৈ আছিল।

কিন্তু সময়ে বিপৰীত ৰূপ ধাৰণ কৰাত সৰ্গদেৱৰ ধৈৰ্য্যচ্যুতি ঘটিল। ততালিকে মোগলক আক্ৰমণৰ বাবে লাচিত বৰফুকনলৈ তেওঁ টানি আদেশ পঠিয়ালে।

সেই সময়ত মোগলে দলিবাৰীৰ সমীপৰ আলাবৈ পৰ্বতৰ দাঁতিত বাহৰ পাতি আছিল। মোগলে এনেকুৱা ঠাইত বাহৰ পাতিছিল যে তাত স্থল যুদ্ধত সিহঁতক পৰাস্ত কৰা সহজ নহয়। কিয়নো বাহৰৰ সন্মুখত আছিল এখন মুকলি পথাৰ।

তাৰ এফালে বুঢ়া লুইত আৰু আন ফালে চেচাঁ নৈ। লাচিত শংকিত হ’ল। কিন্তু দেশৰ বাবে উচৰ্গিত প্ৰাণ লাচিতে সৰ্গদেৱৰ আজ্ঞা পাই আফচোচ কৰি ক’লেঃ

” *আলাবৈত মোগল সৈন্যই জুম বান্ধি আছে। কেঁচা বৰলক জোকালে গা সাৰিবলৈ টান হব। তথাপি স্বৰ্গদেৱৰ আজ্ঞা হৈছে, কি বুলিম”?*

মহাৰাজ চক্ৰধ্বজ সিংহৰ আজ্ঞা পালন কৰিবলৈ লাচিত বৰফুকন যুদ্ধত নামি পৰিল।

*ড০ সুৰ্য্য কুমাৰ ভূঞা, লাচিত বৰফুকন, পৃঃ ৬১
**ড০ সুৰ্য্য কুমাৰ ভূঞা, লাচিত বৰফুকন, পৃঃ৬২

ড০ আৰ কে বেজবৰুৱা

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments