Monday, November 28, 2022
HomeAssameseলাচিত দিৱসৰ শ্ৰদ্ধাঞ্জলি

লাচিত দিৱসৰ শ্ৰদ্ধাঞ্জলি

লাচিত দিৱসৰ শ্ৰদ্ধাঞ্জলি

ড০ সূৰ্য্য কুমাৰ ভুঞাই লিখিছিল – ” ইংলেণ্ডত লৰ্ড নেলচন আৰু ওৱেলিংটন, ইটালীত মেটজিনি, কেভৌৰ আৰু গেৰিবল্ডিয়ে, ৰাজপুতনাত মহাৰাণা প্ৰতাপে, আৰু মহাৰাষ্ট্ৰত শিৱাজী মহাৰাজাই যি অনুপ্ৰেৰণা জগাই আহিছে, লাচিত বৰফুকনেও নিজৰ জন্মভূমি অসমতো সেই অনুপ্ৰেৰণা যোগাইছে।

যুদ্ধ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব কোনোপ্ৰকাৰে হীন হোৱাৰ কাৰণে তেওঁৰ যশস্যা আৰু গৌৰৱ সীমাবদ্ধ হোৱা নাই। এই সীমাবদ্ধতাৰ মূল কাৰণ হৈছে প্ৰচাৰৰ অভাৱ।

দুৰ্ভাগ্যবশতঃ এই অভাৱৰ কাৰণে অসমৰ সকলো মহৎ আৰু আদৰ্শস্থানীয় কাৰ্য্যাৱলী, অসমৰ বীৰ পুত্ৰসকলৰ কাহিনী, অসমৰ কৱি, দাৰ্শনিক আৰু সন্ত সকলৰ অৱদান আৰু চিন্তাসমূহ জনাজাত হব পৰা নাই।….. ”

‘লাচিত বৰফুকন’ , আৰম্ভণি, পৃ. ১

ড০ সূৰ্য্য কুমাৰ ভুঞাই খাটি কথাকে কৈছিল। প্ৰচাৰৰ অভাৱত জগৎ গুৰু শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ড০ ভূপেন হাজৰিকা, আনন্দ ৰাম বৰুৱা, পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ আদিৰ নিচিনা ব্যক্তি জগতত যি ধৰণে পৰিচিত হ’ব লাগিছিল, আজিও সেই ধৰণে পৰিচিত হোৱা নাই। তাৰ কাৰণো আমি অসমীয়া সকল নিজেই।

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ শুভ মুহূৰ্তত মহাবীৰ জনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আমি লাচিত বৰফুকনৰ বিষয়ে কিছু কথা লিখাৰ চেষ্টা কৰিলোঁ।

আজিৰ পৰা ৪০০ বছৰৰ আগৰ কোনো এটা দিনত শুকুতি নামৰ মানুহ এজনে গড়গাঁওৰ পৰা শদিয়ালৈ যোৱা ৰাজ পথৰ দাঁতিৰ পথাৰত কাম কৰি আছিল।

সেই বাটে গৈছিল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ। মুৰ তুলি চাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দৃষ্টি ৰৈ গৈছিল সেই ধাননি পথাৰৰ সৰু সৰু আলিৰ ওপৰত ।

শুকুতিয়ে ধাননি পথাৰত দিয়া আলি দেখি ৰজা মোহিত হৈছিল।

তেওঁক মানুহ পঠিয়াই মতাই অনা হ’ল ৰাজ দৰবাৰলৈ। সৰ্গদেৱে নাম সোধোঁতে ক’লে, “মোমাই”।

আচলতে শুকুতিয়ে ৰূপ চাৰি টকাত বন্ধা হিচাপে কাম কৰিছিল নিজৰ ভাগিনীয়েকৰ ঘৰত।

কাম কৰি থাকোতে এদিন তেওঁক ভাগিনীয়েকে পথাৰলৈ গৈ চিঞৰিলে – “মোমাই”! লোকে শুনিলে- “মোমাই “। তেতিয়াৰ পৰা তেওঁৰ নাম হ’ল ‘মোমাই’।

শুকুতি কৰ’বাত হেৰাই গ’ল।

সৰ্গদেৱে ৰূপ চাৰিটা তেওঁৰ ভাগীনিয়েকক দিলে আৰু ভাগিনীয়েকৰ হাতৰ পৰা তেওঁক মোকোলাই আনিলে।

এইবাৰ তেওঁক তিপমীয়া ৰাজখোৱাৰ বাৰী চোৱা কাম সঁপিলে। বাব দিলে- তামুলী । তাৰ পিছত এদিন সৰ্গদেৱ প্ৰতাপ সিংহই নিজৰ বাৰীচোৱাকৈ তেওঁক লৈ আহিল।

এইবাৰ বাব দিলে – বৰতামুলী। অধ্যৱসায় আৰু সততাৰ গুণত মোমায়ে এদিন বৰবৰুৱাৰ বিষয় বাব লাভ কৰিলে।

১৬৩৯ চনত মোগলৰ সেনাপতি আল্লাহ- ইয়াৰ – খাঁৰ সৈতে কৰা সন্ধিত মোমাই তামুলী বৰবৰুৱাৰ ভূমিকা বুৰঞ্জীয়ে সযতনে লিপিবদ্ধ কৰি ৰাখিছে।

মোমাই তামুলী বৰবৰুৱাৰ কন্যা – পাখৰী গাভৰুক সৰ্গদেৱ জয়ধ্বজ সিংহই বিবাহ কৰাইছিল।

আৰু সেই পাখৰী গাভৰু আৰু জয়ধ্বজ সিংহৰ কন্যা- ৰমণী গাভৰুকেই উপায়হীন ৰজাই এদিন মোগলৰ আজমতৰালৈ ভেট হিচাপে আগবঢ়াইছিল।

অসমৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মোমাই তামুলী বৰবৰুৱাৰ সংস্কাৰৰ কথা বিভিন্ন সময়ত বিভিন্ন বুৰঞ্জীত উল্লেখ কৰা হৈছে।

তেওঁ বিচাৰিছিল – অসমৰ সৰ্বস্তৰৰ লোকৰ বাবে অৰ্থনৈতিক স্বাধীনতা। অসমৰ প্ৰতিটো পৰিয়ালৰ তিৰোতাই সূতা কাটি কাপোৰ বোৱাটো তেওঁ বাধ্যতামূলক কৰিছিল।

মোমাই তামুলী বৰবৰুৱাৰ পৰিয়াল আছিল সৰ্গদেৱ চাওলুং চুকাফাৰ সৈতে অসমলৈ অহা লুখুৰাখুন ফৈদৰ। সেই মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ আছিল – লাচিত।

আহোম বিষয়াৰ সন্তান হিচাপে লাচিতে সকলো ধৰণৰ সামৰিক আৰু ব্যৱহাৰিক শিক্ষা লাভ কৰিছিল।

তেওঁৰ শিক্ষা আৰু যুদ্ধ কৌশলৰ সুবাদত প্ৰথমে আহোমৰ অশ্বাৰোহী দলৰ ঘোঁৰা বৰুৱাৰ বিষয়বাব লাভ কৰিবলৈ সক্ষম হৈছিল।

তাৰ পিছতে হৈছিল দুলীয়া বৰ বৰুৱা। তাৰ পিছত ক্ৰমান্বয়ে শিমলুগুৰীয়া ফুকন আৰু দোলা কাষৰীয়া বৰুৱাৰ ভাৰ লাচিতৰ হাতত অৰ্পণ কৰা হৈছিল।

১৬৬৩ চনৰ পৰা ১৬৬৫ চনলৈ এই সময়ছোৱা আছিল মোগলৰ বাবে পৰাজয়ৰ কালিমা সনা দিন।

দাক্ষিণাত্যত মাৰাঠা বীৰ শিৱাজীয়ে মোগলৰ চকুৰ টোপনি কাঢ়িছিল আৰু বুকুৰ ধপধপনিৰ কাৰণ হৈ পৰিছিল।

সেই খবৰে স্বাধীনতা পিয়াসী মহাৰাজ চক্ৰধ্বজ সিংহক দুগুণে উৎসাহিত কৰিছিল।

লাচিতক বৰ সেনাপতি পাতি সৰ্গদেৱ চক্ৰধ্বজ সিংহই ১৬৬৭ চনৰ বাৰিষাৰ লগে লগে মোগলৰ সৈতে কৰা সংঘৰ্ষৰ আয়োজন সম্পূৰ্ণ কৰিলে।

১৬৬৭ চনৰ ২০ আগষ্ট, বৃহস্পতি বাৰে লুইতৰ বুকুৱেৰে দুভাগত বিভক্ত হৈ লাচিতৰ নেতৃত্বত আহোম সেনাই মোগলৰ বিৰুদ্ধে যুদ্ধৰ বাবে যাত্ৰা আৰম্ভ কৰিলে।

গুৱাহাটীৰ উত্তৰ পাৰত বৰ নদীৰ কাষৰ বাহবাৰী আক্ৰমণেৰে বৰফুকনে যুদ্ধৰ ডংকা বজালে। কাজলী গড় আহোমৰ হাতলৈ আহিল।

১৬৬৭ চনৰ ২ নবেম্বৰত ইটাখুলি আৰু গুৱাহাটীত লাচিত বৰফুকনৰ আধিপত্য স্থাপিত হ’ল। আহোম সৈন্যই মোগলক মানাহা নদীলৈকে খেদি শেষ সীমা বান্ধি দিলে।

মোগলৰ কৱলৰ পৰা গুৱাহাটী তথা অসম উদ্ধাৰৰ কাহিনী অসম বুৰঞ্জীৰ এটি উল্লেখনীয় ঘটনা।

আহোমৰ হাতত পৰাস্ত হৈ মোগল সম্ৰাট ঔৰঙ্গজেৱ আহত বাঘৰ দৰে হ’ল। এই হাৰৰ পোতক তুলিবলৈ ঔৰঙ্গজেৱে অম্বৰাধিপতি ৰাজপুত ৰজা ৰাম সিংহৰ অধীনত ৩০০০০ পদাতিক, ১৮০০০ তুৰ্কী অশ্বাৰোহী আৰু ১৫০০ কাঁড়ী লগত দি অসম ল’বলৈ প্ৰেৰণ কৰে।

শিখৰ নৱম গুৰু টেগবাহাদুৰো ৰাম সিংহৰ সংগী হৈ আহে। তেওঁক অনাৰ উদ্দেশ্য আছিল – যাদুৰ দেশ কামৰূপ-কামাখ্যাত যাতে ৰামসিংহৰ ওপৰত যাদু চলাব নোৱাৰে!

কিন্তু যাদু চলিল। চমৎকাৰ হ’ল। ৰামসিংহই কৈ পঠিয়ালে -“… আমি ৰাজা মান্ধাতাৰ নাতি ৰামসিংহ আহিছোঁ।

তেওঁ বৰবৰুৱাৰ পুত্ৰ, ডাঙৰ মানুহ, আৰু যদি চৰণজাম নাই মোলৈ কৈ পঠাব, দি পঠাম। ভাই ফুকনে একঘড়ি লেঢ়াই দিয়ক “……

সেই এক ঘড়ি লেঢ়াই খোজা ৰামসিংহই অসমীয়াই বন্ধা গড় দেখি তবধ মানিলে। ১৬৭১ চনৰ ৫ এপ্ৰিলত লাচিত বৰফুকনৰ বিক্ৰমৰ সন্মুখত তিস্থিব নোৱাৰি ৰামসিংহ ঘৰমুৱা হ’ল।

যোৱাৰ বাটত, হাজোত হয়গ্ৰীৱ মাধৱৰ পূজা কৰি তাৰ পূজাৰীসকলক গৈ গ’ল –
” বৰ নবাব লাচিত বৰফুকন সামান্য বীৰ নহয়। যন্ত্ৰাকৃতি গড়।

মই একো ঠাইত চিদ্ৰ নাপালোঁ।”

এই হেন মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তাত অসম চৰকাৰৰ যি উৎসাহ পৰিলক্ষিত হৈছে তাৰ বাবে মূখ্যমন্ত্ৰী ধন্যবাদৰ পাত্ৰ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বৰ অসম তথা অসমীয়াই স্বীকৃতি লাভ কৰিবলৈ ধৰিছে। এতিয়াও কিন্তু বহুত বাকী।

এই সুযোগতে মহান বীৰ লাচিত বৰফুকনলৈ আমাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।

ড০ আৰ কে বেজবৰুৱা

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments