লজ্জাজনক
সিদিনা লিখিছিলোঁ ‘মোহ’ৰ কথা। তাৰেই আঁত ধৰি লিখিবলৈ ওলাইছোঁ অন্য এক লজ্জাজনক সঁচা কথা।
ৰাজনৈতিক নেতা হ’বলৈ বৰ্তমান মানুহৰ লোভ বাঢ়ি গৈ আছে। তাৰ কাৰণো উল্লেখ কৰা হৈছে। কিন্তু তাতোকৈয়ো ডাঙৰ কথা হৈছে – জনপ্ৰিয় হোৱাৰ লোভ। জনপ্ৰিয়তা বঢ়াবলৈ গৈ কিছুমান নেতাই নিজৰ সংযম আৰু বিবেক বিসৰ্জন দিয়ে। তেওঁলোকে ভাবে- বাটে-ঘাটে, সভাই-সমিতিয়ে চিঞৰি চিঞৰি ভাষণ দিলে মানুহে ভাল পায় আৰু নিজৰ ভাৱমূৰ্তি উজ্জ্বল হয়। প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰীক গালি পাৰি জনপ্ৰিয় হ’ব পাৰি বুলিও কিছুমান নেতাৰ বিশ্বাস। অন্য একো কৰিব নোৱাৰিলে অভদ্ৰ কথা কিছুমান কৈয়ো এই নেতাসকলে নিজে বিখ্যাত হোৱা বুলি ভাবে।
আমাৰ এজন চিনিয়ৰ নেতাই প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী আৰু শ্ৰীমতী স্মৃতি ইৰানীৰ বিষয়ে অমাৰ্জিত কথা কৈছিল। এজন সংখ্যালঘূ নেতাই প্ৰধানমন্ত্ৰীয়ে পাকিস্তানত মাংস খোৱা কথা কৈ ৰাজহুৱা ভাৱে ইতিকিং কৰিছিল। প্ৰধানমন্ত্ৰীক গালি পৰা মানুহ, অসমৰ মূখ্যমন্ত্ৰীৰ মাকক গালি পাৰি বিখ্যাত হ’ব খোজা মানুহৰ কথা নকলোৱেই যেনিবা।
সদ্য সমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে বলিউডৰ ৰাম গোপাল বৰ্মাই ইতিকিং কৰিছিল – ‘পঞ্চপাণ্ডৱ ক’ত’ বুলি।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছতে অখিলেশ যাদৱৰ পাৰ্টিৰ সাংসদ এজনে টিভিৰ ডিবেটত দ্ৰৌপদীৰ ‘শীষ’ হৰণ কৰিব দিয়া নহ’ব বুলি বক্তব্য কৰিছিল। এইসকল নেতাই ৰাষ্ট্ৰপতিৰ মৰ্যদা কি নাজানে , প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা বুজি নাপায়। ভদ্ৰ ভাষা ব্যৱহাৰ কৰিব নিশিকিলে। চৰকাৰে নিৰ্দ্ধাৰণ কৰা আচনি যদি দেশখনৰ হিতৰ বাবে প্ৰযোজ্য নহয়, তেন্তে তাক প্ৰতিপন্ন কৰিবলৈ হূলস্থুল নকৰিলেও হয়। নিজৰ জ্ঞান-বুদ্ধিৰে পৰামৰ্শ প্ৰদান কৰিব পাৰি আৰু চৰকাৰক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি। যদিহে বিৰোধীয়ে আগবঢ়োৱা পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰা আঁচনিতকৈ অধিক ফলপ্ৰসূ হয়, তাক জনসাধাৰণেও বিশ্বাস কৰিব।
সংসদৰ অধিবেশনত আমি সাংসদৰ অভব্য আচৰণ প্ৰত্যক্ষ কৰিছোঁ । সংসদ ভৱনৰ নিৰাপত্তা ৰক্ষীক মাৰ-পিট কৰা, পবিত্ৰ সদনৰ টেবুলত উঠি নৃত্য কৰা নাইবা দেশৰ সংবিধান দলিয়াই দিয়াৰ দৰে আচৰণ কৰি উঠিও সাংসদসকল লজ্জিত নহয়।
খবৰ অনুসৰি “সংসদৰ বৰ্ষাকালীন অধিবেশনত কাৰ্যসুচীত ব্যাঘাত জন্মোৱাৰ বাবে মঙলবাৰে ৰাজ্যসভাৰ পৰা এসপ্তাহৰ বাবে নিলম্বিত কৰা ১১ গৰাকী সদস্যক । নিলম্বিত হয় তৃণমুল কংগ্ৰেছৰ ৬ গৰাকী , DMK ৰ ২ গৰাকী , CPI(M) ৰ ২ গৰাকী সদস্যক নিলম্বিত কৰে অধ্যক্ষই । সংসদৰ নিয়ম ২৫৬ ৰ আধাৰত নিলম্বন ১১ সদস্যক । নিলম্বন মৌচুম নুৰ , শান্তা চেত্ৰী , সুস্মিতা দেৱ , ডোলা সেন , ডাঃ শান্তনু সেন , মহম্মদ আব্দুলা , এএ ৰহিম , কণিমৌজী , এল যাদৱ , বি বি শিৱদাসন , অবিৰ ৰঞ্জন বিশ্বাস , নদীমুল হক ।”
এই সদস্য কেইজনৰ শিষ্টাচাৰ টিভিৰ পৰ্দাত নিশ্চয় সকলোৱে দেখিছে। এৱোঁলোকে এটা কথাই প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব যে বিৰোধ কৰিব লাগিলে যি কোনো উপায় অৱলম্বন কৰিব লাগিব। হয়তো বহুতে তেওঁলোকক সমৰ্থনো কৰিব। কিন্তু অসুস্থ বাতাবৰণ সৃষ্টি কৰি কৰা প্ৰতিবাদ সভ্য সমাজৰ বাবে লজ্জাজনক। হতাশজনকো। সুস্থ ৰাজনীতিৰ বাবে মাৰ্জিত ভাষা, মাৰ্জিত আচৰণ অতি জৰুৰী। আজি যিসকল সংসদৰ সদস্যক নিলম্বন কৰিছে, আশা ৰাখিম তেওঁলোকে ভবিষ্যতে এই ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰিব ।
ড০ আৰ কে বেজবৰুৱা , তেজপুৰ