লংকা আৰক্ষীক বৃদ্ধাংগুষ্ট দেখুৱাই চলিছে জুৱাৰ আড্ডা

0
1154

NE INDIA: লংকা চহৰৰ পাচলি বজাৰত এতিয়া দিনে নিশাই জুৱাৰ আড্ডা। বৃদ্ধৰ পৰা কিশোৰলৈ ভাগ লয় জুৱাত । সামাজিক পৰিবেশ বিনষ্ট হোৱা এই পৰিবেশক লৈ আৰক্ষী প্ৰশাসন নিৰ্বিকাৰ ।  অভিযোগ অনুসৰি আৰক্ষী বিভাগে দেখিও নেদেখাৰ ভাও জুৰি আহিছে । প্ৰশাসনে কিহৰ বাবে বা কি স্বাৰ্থত অঞ্চলটোত এনেধৰণৰ কাৰ্য্যকলাপ চলাই থাকিবলৈ সুযোগ দিছে তাক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ। উল্লেখযোগ্য যে আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০ মিঃ দূৰত্বত অৱস্থিত এই জুৱাৰ স্থান। আৰক্ষী থানাৰ নাতিদুৰৈত থকা জুৱাৰ আড্ডাত কিয় আজিকোপতি  অভিযান চলোৱা নাই ইয়াৰ আঁ‌ৰত কিবা ৰহস্য লুকাই আছে নেকি , এনেবোৰ প্ৰশ্নৰে উত্তৰ বিচাৰিছে সাধাৰণ ৰাইজে ।

https://youtu.be/3MJsVC6-xQ4?t=5

মনজ্যোতি মুদৈ লংকা  NE INDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here