হোজাই জিলাৰ কাকী জাজৰী ব্লকত ৰবিবাৰে নিশা সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড । মুকুট আলী নামৰ লোকজন নিশা প্ৰায় ৯ বাজি ৪৫ মিনিটত নিজ গৃহৰ চৌহদত ওলোৱাৰ কিছুসময় পিছতেই হঠাৎ মুকুটে চিঞৰি উঠাত তেওঁৰ পত্নীয়ে মুকুটৰ চিঞৰ শুনি বাহিৰলৈ ওলোৱাত চুবুৰীয়া ধন আলী আৰু ছাইদুল সহ কেইবাগৰাকী লোকে মুকুট আলীক চোকা অস্ত্ৰৰে ঘপিয়াই থকা প্ৰত্যক্ষ কৰে ।

আঘাতপ্ৰাপ্ত মুকুটে প্ৰাণ ৰক্ষাৰ উদেশ্যে চুচুৰি চুচুৰি নিজৰ ঘৰৰ ভিতৰত সোমাই যায় যদিও ঘাতকৰ দলে মুকুট আলীক ঘৰৰ ভিতৰতো প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে মুকুটৰ পত্নীয়ে । মুকুট আলীৰ পত্নীয়ে নিজ স্বামীৰ প্ৰাণ ভিক্ষা বিছাৰি ঘাটকৰ দলটোক বহুতো কাকুতি-মিনতি কৰে যদিও ঘাটকৰূপী দানৱ দলটোৱে মুকুটক প্ৰাণে হত্যা কৰে । এই ঘটনাৰ পিছতেই মুকুট আলীৰ পত্নীয়ে গাঁওৰক্ষী বাহিনীক খবৰ দিয়াৰ গাঁওৰক্ষী আৰু স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ইতিমধ্যে শোধ-পোচৰ বাবে মতিবুৰ ৰহমান আৰু আব্দুল ৰচিদক আটক কৰে ।
মুকছিদুল ইছলাম, লংকা, NE INDIA