যৌতুকক লৈ চু্প্ৰীম কৰ্টৰ বিশেষ ৰায়দান

0
758

NATIONAL DESK NE INDIA: যৌতুকৰ অভিযোগত অভিযুক্ত স্বামী তথা শাহু-শহুৰক এতিয়াৰ পৰা আৰক্ষীয়ে অভিযোগৰ পিছতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব। এনে ৰায়দান প্ৰদান কৰিলে চু্প্ৰীম কৰ্টে সদ্যহতে জাৰি কৰা এক ৰায়দানত। যৌতুকৰ অভিযোগত  পীড়িত মহিলাৰ সুৰক্ষাৰ ওপৰত ধ্যান ৰাখি চু্প্ৰীম কৰ্টে ১৩ ছেপ্তেম্বৰৰ দিনা প্ৰদান কৰে এনে ৰায় । চু্প্ৰীম কৰ্টে লগতে কয় যে, এতিয়া আৰু পৰিয়াল কল্যাণ কমিটিৰ প্ৰয়োজন নাই। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে চু্প্ৰীম কৰ্টে ৰায়দান কৰি বাধা প্ৰদান কৰিছিল অভিযুক্তসকলক তৎক্ষণাত গ্ৰেপ্তাৰ কৰা কাৰ্য্যক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here