যোৰহাট মাণ্ডলিক জীৱন বীমা নিগম কৰ্মচাৰী সন্থাৰ সৌজন্যত অভিনন্দন অনুষ্ঠান

6

যোৰহাট মাণ্ডলিক জীৱন বীমা নিগম কৰ্মচাৰী সন্থাৰ সৌজন্যত অভিনন্দন অনুষ্ঠান

সোমবাৰে তিনিচুকীয়াৰ জি এন বি ৰোড স্থিত জীৱন বীমা নিগমৰ তিনিচুকীয়াৰ শাখা কায্যালয়ত ,যোৰহাট মাণ্ডলিক জীৱন বীমা নিগম কৰ্মচাৰী সন্থাৰ সৌজন্যত আৰু তিনিচুকীয়া শাখা গোটৰ সহযোগত উচ্চতৰ মাধ্যমিক কলা শাখাত ২০২২বৰ্ষৰ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্ত চেৰী গোহাঁইক সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত চেৰী গোহাঁইক এখনি মানপত্ৰ ,এখনি ফুলাম গামোচা আৰু এককালীন সাহায্য দিয়া হয় আৰু লগতে চেৰী গোহাঁইৰ মাতৃকো অভিভাৱকৰ ৰূপত কৰা ত্যাগ ,কষ্ট আৰু একাগ্ৰতাৰ বাবে সম্বৰ্ধনা জনোৱা হয় । এই সম্বৰ্ধনা অনুষ্ঠানত তিনিচুকীয়া শাখাৰ পৰিচালক লাচিত বৰা ,যোৰহাট মাণ্ডলিক জীৱন বীমা নিগম কৰ্মচাৰী সন্থাৰ উপ সভাপতি বিপুল বৰা,ৰাজীৱ কাকতি সাধাৰণ সম্পাদক যোৰহাট মাণ্ডলিক বীমা নিগম ৰ কৰ্মচাৰী সন্থাৰ লগতে কাৰ্যকৰী সভাপতি অখিল মহন্ত ডাঙৰীয়া উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here