যুদ্ধই কাঢ়ি নিলে লক্ষ লক্ষ শিশুৰ প্ৰাণ

0
1278

INTERNATIONAL DESK NE INDIA :  মানৱতাক ভূ-লুন্ঠিত কৰা তথ্য পোহৰলৈ আহিছে আফ্ৰিকা মহাদেশৰ পৰা। মহাদেশখনত যোৱা ২০ বছৰত সংঘটিত সহস্ৰ সংঘৰ্ষত মৃত্যু ঘটিছে প্ৰায় ৫০ লাখ শিশুৰ। ১৯৯৫ চনৰ পৰা ২০১৫ চনলৈ হোৱা সকলোধৰণৰ  সংঘৰ্ষৰ তথ্যৰ ভিত্তিত কৰা অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি,সততে হোৱা সংঘৰ্ষৰ ফলত আহত হোৱা শিশু,তথা সংঘৰ্ষই বিয়পোৱা দুৰ্ভিক্ষ , ৰোগ আদি বিভিন্ন কাৰণৰ জৰিয়তেও মহাদেশখনত মৃত্যু ঘটিছে প্ৰায় ৫০লাখ শিশুৰ। যাৰ ভিতৰত প্ৰায় ৩০ লাখ শিশুৱে হ’ল নৱজাতক। যাৰ বয়স আছিল মাত্ৰ ১ বছৰ বা তাতোকৈ কম।গৱেষকসকলৰ মতে , যোৱা ৩০ বছৰত পৃথিৱীত যিবোৰ বৃহৎ সংঘৰ্ষ সংঘটিত হৈছে,সেই সংঘৰ্ষ সমূহৰ বেছি সংখ্যকেই হ’ল আফ্ৰিকা মহাদেশত। অধ্যয়নৰ অন্তত এটি পৰিনাম নিশ্চয়কৈ পৰিলক্ষিত হৈছে যে সংঘৰ্ষৰ ফলত কেৱল যে সৈনিকহে আহত হয় তেনে নহয় বৰঞ্চ সেই অঞ্চলত বাস কৰা শিশুসকলৰ জীৱনৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। যুদ্ধ জৰ্জৰিত মহাদেশখনত  শিশু মৃত্যুৰ ,মুখ্যত কাৰণ হ’ল গৰ্ভৱতী মহিলাসকলৰ চিকিৎসাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি, অপৰিছন্ন পৰিৱেশ, পানী, খাদ্যৰ অভাৱ  ইত্যাদি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here