Thursday, March 30, 2023
HomeAssameseযিকোনো মুহূৰ্তত হব পাৰে অঘটন

যিকোনো মুহূৰ্তত হব পাৰে অঘটন

যিকোনো মুহূৰ্তত হব পাৰে অঘটন

শৰাইঘাট দলঙত বিপদৰ আকংক্ষা। যিকোনো সময়তে অঘটন সংঘটিত হব পাৰে শৰাইঘাট দলঙত। শৰাইঘাটৰ পুৰণি দলঙত দেখিবলৈ পোৱা গৈছে কেইবাটাও বৃহৎ বৃহৎ ফাট। দলঙৰ ওপৰত ভাগি -ছিগি ওলাইছে ৰড পৰ্যন্ত। এবছৰ পূৰ্বে ৯ কৌটি টকা ব্যয় কৰি মেৰামতি কৰা হৈছিল এই দলঙখন, কিন্তু পুৰণি নহওঁতে দলঙৰ ওপৰত দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ ফাট।

উল্লেখ যে শৰাইঘাট দলঙ অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে’লপথযুক্ত দলঙ। দলঙখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলঙখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হৈছিল। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলঙখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰেলৱে।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments