মৰিগাঁৱত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ আমৰণ অনশণ 

0
160

মৰিগাঁৱত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ আমৰণ অনশণ 

মৰিগাঁও শ্বহীদ নিৰ্যাতিত পৰিয়াল সমূহ বহিল আমৰণ অনশনত।মৰিগাঁৱৰ নগৰৰ মাজ মজিয়াত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ তৰফৰ পৰা এই আমৰণ অনশন কাৰ্যসূচী গ্ৰহন কৰা হয়।শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্য সদস্যাই আবেদন কৰা বিভাগ সমূহৰ পৰা নাম সংগ্ৰহ কৰি নিযুক্তি পত্ৰৰ ব্যৱস্থা কৰা, শ্বহীদৰ তেজ আৰু ত্যাগৰ দলিল অসম চুক্তিৰ ৭৯ পৃষ্ঠাৰ ৬ নং দফাত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ উন্নয়ণৰ আঁচনি, স্থায়ী নিযুক্তি আসন সংৰক্ষণ অন্তভুৰ্ক্ত কৰি শীঘ্ৰে ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ মূখ্য মন্ত্ৰী গৰাকীক আহ্বান জনায়। বহু বাৰ চৰকাৰ খনক শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ দুখ দুৰ্দশাৰ কথা চৰকাৰ খনক অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদাণ নকৰাৰ কথা উল্লেখ কৰে। যাৰ ফলত আমৰণ অনশন কাৰ্যসূচীত বহিবলৈ বাধ্য হৈ পৰিছে শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্য সকল।

https://youtu.be/Dgc_c3mjM14

মৰিগাঁৱ,আয়ুব আলী,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here